হালধিবটা আবেলি

গুণাৰাম শইকীয়া
হালধি বটা
আবেলি
কবিতাক জীৱনৰ সঞ্জীৱনী সুধা হিচাপে গ্ৰহণ কৰি, নিৰালস্য সাধনাৰে গভীৰভাবে কাব্যচৰ্চাত ব্রতী, গুণাৰাম শইকীয়া সম্প্রতি অসমীয়া কাব্য জগতৰ এটি বলিষ্ঠ কণ্ঠ। ১৯৯০ চনৰে পৰা কাব্যচৰ্চা আৰম্ভ কৰি নিৰন্তৰভাবে প্রায় ৩০ বছৰধৰি কেৱল কবিতাকে সহযাত্রী হিচাপে লৈ জীৱন আৰু অভিজ্ঞতাৰ মসৃণ-খলাবমা পথেৰে খোজকাঢ়ি থকা কথাটো গভীৰভাবে কবিতাক ভালপোৱা জনৰ ক্ষেত্ৰতহে সম্ভৱ। কলেজীয়া ছাত্ৰ অৱস্থাতে প্রথমটো কবিতা ১৯৯৩ চনত তেজপুৰৰ পৰা প্ৰকাশিত ‘অগ্নিগড়’ কাকতত প্ৰকাশ পায়। তেতিয়াৰে পৰা অধিক একাগ্ৰতাৰে কবিতা চর্চাত নিমগ্ন, শইকীয়াৰ কবিতা – প্রান্তিক, সাতসৰীকে ধৰি বিভিন্ন আলোচনী-কাকতত প্রকাশ পাই আহিছে।
সততে প্ৰচাৰ বিমুখ কবি গৰাকী হাই- উৰুমি-কোহালৰ পৰা নিলগত থাকি, গাঁও আৰু প্ৰকৃতিৰ মাজত আপোনমনে কটাই ভাল পোৱাটো তেখেতৰ বিশেষ স্বভাৱ। জীৱনৰ বিবিধ অভিজ্ঞতাৰে সমৃদ্ধ অধ্যয়নলব্ধ চিন্তাধাৰাৰ পৰিশীলিত উপস্থাপন -তেখেতৰ কবিতাৰ বিশেষ বৈশিষ্ট্য।
অসমীয়া বিষয়ত স্নাতকোত্তৰ শইকীয়া, অৰুণাচল সীমান্তৰ মাজবাট, উত্তৰ নগাঁৱত জন্মগ্রহণ কৰিছিল। পেছাত এগৰাকী শিক্ষক।
শস্য তেজৰ অন্য ঋতু (২০০৫) আৰু সেউজীয়াৰ দৰে (২০১৬) পূর্ব প্রকাশিত কাব্য সংকলন।
“বন্ধুচাকি উদগনি বঁটা” আৰু “ৰামধেনু কাব্য সাধনা বঁটা”ৰে সন্মানিত শইকীয়ালৈ অসম কাব্য কাননৰ দ্বাৰা আয়োজিত কবিতা পাণ্ডুলিপি প্রতিযোগিতাৰ শ্ৰেষ্ঠ পাণ্ডুলিপি-“হালধি বঁটা আবেলিৰ বাবে, ২০২১ বৰ্ষৰ “কাব্যম বঁটা“ আগবঢ়োৱা হৈছে।
শইকীয়াৰ তৃতীয় কাব্য সংকলন- “হালধি বঁটা আবেলি”ক পাঠক সমাজে আদৰি ল'ব বুলি আমি গভীৰ আশাবাদী।