পৃষ্ঠা:হজৰত মোহম্মদ.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
 

ৰছুল-কৰিম্‌।
হজৰত্​ মোহম্মদ (দঃ)।

আদিকাণ্ড-আরম্ভণি!
বিচ্​ মিল্লাহিৰৰ্হমানিৰ ৰহিম্​
জগতৰ আদি ধৰ্ম্ম ও ৰছুলসকলৰ আবিৰ্ভাৱ।

 ৰম কৰুণাময় আৰু সৰ্ব্বশক্তিমান আল্লাহ্​ তালাই তেওঁৰ কোনো নিগূঢ় অভিপ্ৰায় সাধন কৰিবৰ কাৰণে জগতত পোন প্ৰথমতে হজৰত্​ আদম্ আলেইহেচ্ছালাম ( Adam) আৰু তেওঁৰ বিবি মা হাৱাৰ (Eve ) সৃষ্টি কৰে আৰু ফিৰিস্তা (স্বৰ্গীয় দুত ) জিব্ৰাইল (আঃ) দ্বাৰা তেওঁলোকক 'তৌহিদ' (একত্ববাদ ) বৰ্ণত দীক্ষিত কৰায়। তেওঁলোকৰ পৰাই অলেখ ল'ৰা-ছোৱালীৰ জন্ম হয় সেই লৰা-ছোৱালীবিলাক পৃথিবীৰ চাৰিওফালে বিৱপি পৰে। হজৰত্​ আদমৰ (আঃ) পাচত, পাছে পাছে প্ৰকৃত 'তৌহিদ’ ধৰ্ম্ম বিকৃত হৈ পৰে। শয়তানৰ ফান্দত পৰি, কোনোৱে নিজৰ পূৰ্ব্ব- পুৰুষৰ মূৰ্তি সাৰি পুজিবলৈ হবে ও কোনোৱে জোন বেলি ও ভিন্​ ভিন্‌ জীৱ জন্তুৰ পূজা কৰে। গতিকে আকৌ পাল্লাহ তা’লাই