পৃষ্ঠা:হজৰত মোহম্মদ.pdf/৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
 
পাতনি।

 আজিলৈকে অসমীয়া ভাষাত ৰছুল কৰিম হজৰত মোহম্মদ মোস্তফাৰ (দঃ) প্ৰকৃত জীৱনী এখনিও নাই। এই অভাৱ সকলোৱে অনুভৱ কৰিছে। কেইবাজন মুছলমান সাহিত্যিকক অনুৰোধ কৰাতো, কেৱেঁ এই অভাৱ গুচাবলৈ আগ নবঢ়াত, ময়ে কেইজনমান বন্ধুৰ উদগনিত কাপ ধৰিবলৈ বাধ্য হলোঁ। সাহিত্য-ক্ষেত্ৰত এয়ে মোৰ প্ৰথম উদ্যোগ। গতিকে, এই পুথিত ভালেমান আসোঁৱাহ থাকিবৰেই কথা। আশা- কৰোঁ, সহৃদয় পাঠকসকলে যেন সেইবোৰ অনুগ্ৰহ কৰি মোক আঙ্গুলিয়াই দিয়ে।

 আন আন নবী-ৰছুলসকলৰ জীৱনী যেনে 'মুআজ’জা’ৰে (অলৌকিকতাৰে) খুন্দখোৱা, হজৰত ৰছুল কৰিমৰ জীৱনীও তেনে, কিন্তু সেই অলৌকিক ঘটনাবোৰ সময় অনুপযোগী বুলি ভাবি এই পুথিত সমূলি এৰিছোঁ।

 মোৰ পৰম বন্ধু শ্ৰীযুত বেণুধৰ ৰাজখোৱা ডাঙ্গৰীয়াই এই পুথিখনি আদিৰপৰা অন্তলৈকে চকু ফুৰাই চাই দিয়াৰ বাবে, তেওঁৰ ওচৰত মই চিৰ-ধৰুৱা হৈ থাকিলোঁ।

গ্ৰন্থকাৰ।