পৃষ্ঠা:স্ত্ৰী-পৰ্ব্ব.djvu/৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮০
স্ত্ৰী পৰ্ব্ব।

তেবে তুমি আনক দোষিছা কি কাৰণ।
কৰণ কাৰণ মাত্ৰ তুমি নাৰায়ণ॥
এতেকতে মোহোৰ পুত্ৰত কিবাদোষ।
তোমাৰ ইচ্ছাতে ভৈল সবংশে নিশেষ॥
কুৰু পাণ্ড, দুয়ো আছিলেক একে ভাই।
তুমি কূট, নাটে দুইকো দিলা বিহৰাই॥
কিবুলিবো প্ৰভু মই তোমাৰ চৰিত্ৰ।
তুমি কৌৰৱৰ যেন চিন্তি আছা হিত॥
কুৰু কুল নাশ হেতু চিন্তিলা উপাই।
দিলা পাণ্ডৱৰ সঙ্গে বিবাদ লগাই॥
সমুলি নেজানে দ্বেষ ধৰ্ম্ম নৰপতি।
তুমি মাত্ৰ ভাতৃ ভেদ শিকাই দিলা অতি॥
যদিবা ভাতৃৰ মাজে কন্দল মিলিল।
তৈত ৰহিবাক তযু উচিত নাছিল॥
সমান সম্বন্ধ তযু কুৰুপাণ্ডু সমে।
পাণ্ডৱৰ সখা তুমি ভৈলা কিকাৰণে॥
যুদ্ধ হেতু নিমন্ত্ৰণ কৰিবাক মন।
তোমাৰ সমীপে গৈল পুত্ৰ দুৰ্য্যোধন॥
তৈসানি দেখিয়া তাক মুদিলা নয়ন।
কপট নিদ্ৰায় তুমি কৰিলা শয়ন॥
পাছে কতোবেলি গৈলা বীৰ ধনঞ্জয়।
তাঙ্ক দেখি তেতিয়া জাগিলা মহাশয়॥