পৃষ্ঠা:স্ত্ৰী-পৰ্ব্ব.djvu/৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
নাৰী পৰ্ব্ব

ধ্বজ ছত্ৰ চামৰ আছয় স্থানে স্থানে।
অস্ত্ৰ তূণ ধনুক গণিবে পাৰে কোনে॥
মকৰ কুণ্ডল পৰি আছে অগনন।
কোনো শৱে কৰি আছে ধৰণী শোভন॥
সিবেলা বাটুল যেন দেখি গান্ধাৰীক।
খুজিয়া ফুৰন্ত দুৰ্য্যোধন নৃপতিক॥
কতো বেলি পাইলা পাছে তাঙ্ক দৰশন।
মাটিত পৰিয়া চিতে আছে দুৰ্য্যোধন॥
দেখিয়া গান্ধাৰী ভৈলা বিষাদে মগন।
হা দুৰ্য্যোধন বুলি হৰিল চেতন॥
গুৰুত্তৰ শোকে বিমুৰ্চ্ছিত ভৈলামাৱ।
ভূমিত পৰিলা যেন মৃতকৰ ভাৱ॥
গাৱত নাহিকে জ্ঞান চক্ষুথিৰ ভৈল।
সৰ্ব্বজনে বোলে গান্ধাৰীৰো প্ৰাণ গৈল॥
দেখি পাণ্ডৱৰ মনে বিষাদ জন্মিল।
আথে বেথে পঞ্চভাই তুলিয়া ধৰিল॥
তথাপি গাৱত নাই চেতন সমূলি।
বিস্ময় মানিলা সবে ধাতু গৈলল বুলি॥
পাছে কতোবেলি গান্ধাৰীৰ প্ৰাণ আইলা।
সন্ধোক্ষণ হুয়া দেবী চক্ষু মেলি চাইলা॥
দুৰ্য্যোধন ৰাজাৰ মৃতক কলেৱৰ।
দুই হাতে ধৰি শোকে কান্দায় বিস্তৰ॥