পৃষ্ঠা:স্ত্ৰী-পৰ্ব্ব.djvu/৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬১
নাৰী পৰ্ব্ব

স্তুপাকাৰ শৱ অতি দেখি ভয় ভীত।
ঘোৰমূৰ্ত্তি ধৰি প্ৰেত চেলেকে শোনিত॥
তথাপিতো নাৰীগণ তাহাক নডৰি।
শৱ মাজে মাজে শশাকে ফুৰয় লৱৰি॥
হেন মতে বহু কষ্টে যত নাৰীগণ।
কতো বেলি পতি, পুত্ৰ পাইলা দৰশণ॥
কান্দিবে লাগিলা সবে শিৰে কৰ হানি।
হৰি হৰি কেন মতে ধৰিবো পৰাণী॥
কোনজনী হৃদয়ত হানে বজ্ৰ মুঠি।
কতোজনী মাটিত পৰয় উঠি উঠি॥
কেহোজনী অলঙ্কাৰ পেলাইলা খসাই।
কেহোজনী মৰাৰ মুখত চুমা খাই॥
কেহোজনী শৱ গোট কোলে লৱৈ তুলি৷
কোনেজনী গাৱে নাই চেতন সমূলি॥
কোনেজনী গণ্ডিত যোড়য় মুণ্ড আনি৷
তেতিয়াসে চিনে আপোনাৰ পুত্ৰ স্বামী॥
কেহোজনী ধৰি কান্দে স্বামীৰ চৰণ।
কেহোজনী কপালত হানয় কঙ্কণ॥
কোনেজনী মৰাৰ মুখত মুখ দিয়া।
শৱৰ সদৃশ হৈয়া থাকিলা পৰিয়া॥
কিনো কুক্ষেণত কৰিবাক গৈলা ৰণ।
অভাগীৰ সঙ্গে আৰু নভৈল দৰ্শন॥