পৃষ্ঠা:স্ত্ৰী-পৰ্ব্ব.djvu/৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৮
স্ত্ৰী-পৰ্ব্ব


সেই তেজ তৈল্য সমে মাঞ্জিলো শিৰত।
সিদিনাৰে পৰা দুঃখ গুচিল মনত॥
চিৰদিন তোমাত আছিলো অদৰ্শন।
আজিসে ভেঁটিলো আই তোমাৰ চৰণ॥
শুনিয়োক সৰ্ব্বজন থিৰ কৰি মন।
নাৰীপৰ্ব্ব কথা ইতো আতি বিতোপন॥
শুনন্তা ভনন্তা দুইৰো মিলয় কুমুতি।
পাপ নাশ যাই মিলে হৰিত ভকতি॥
নমো নাৰায়ণ প্ৰভু মই বৰ অনাথ।
যই দুঃখীতক দয়া কৰা জগন্নাথ॥
তোমাৰ চৰণে প্ৰভো মই কৰো আশ।
জন্মে জন্মে হৈবে তযু চৰণত দাস॥
তুমি হৰি মোৰ হৃদয়ত দিলা মন।
ইতো ভাৰতৰ পদ কৰিলো বচন॥
বঢ়া তুতা দোষ মোৰ কৰা উপশাম।
নিৰন্তৰে নৰে ডাকি বোলা ৰাম ৰাম॥