পৃষ্ঠা:স্ত্ৰী-পৰ্ব্ব.djvu/৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৫
নাৰী পৰ্ব্ব

গান্ধাৰীৰ বাক্য মানি পাঞ্চ বাৰবৰ।
শ্ৰীকৃষ্ণ সাত্যকি সমে উঠিল সত্বৰ॥
নমিলন্ত গৈয়া সবে কুন্তীৰ চৰণে।
মাৱ পোৱে দৰশন ভৈলা চিৰ দিনে॥
পঞ্চ ভাইক কুন্তী পাছে দিলা আশীৰ্ব্বাদ।
কিন্তু কৰ্ণ শোকে দেবী মনত বিষাদ॥
হেন দেখি কুন্তীক বুলিলা নাৰায়ণ।
হৰিষ কালত কিয় দেখোতো বিমন॥
মই যেন তোমাক বুলিলো পূৰ্ব্বকালে।
চোৱাঁ এবে সাম্ফলিলো কাৰ্য্যক সকলে॥
শুভকালে তোমাৰ কিসৰ চিন্তা সতী।
হস্তিনাত ভৈল তযু পুল্ৰ অধিপতি॥
কুৰু কুল সমস্ত গৈলেক ৰসাতল।
দেখা পুল্ৰ স্বামী শোকে কান্দিছে সকল ॥
আত কেনে বিষাদ দেখোতো তযুমন।
হেন শুনি কুন্তীদেবী বুলিলা বচন॥
যিমান বুলিলা প্ৰভু সকলো সিজিল৷
কিন্তু এক কামে মোৰ বিষাদ মিলিল॥
তুমি সকলোৰে কৰ্ত্তা তুমি আদি দেৱ৷
তুমি বিনে কৰন্তা নাহিকে আন কেৱ॥
ত্ৰৈলোক্যৰ অধিকাৰী তুমি নাৰায়ণ।
তুমি বিনে ৰাখে মাৰে নাহি হেন জন॥