সমললৈ যাওক

পৃষ্ঠা:স্ত্ৰী-পৰ্ব্ব.djvu/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মুখপাত।

 মহাভাৰতৰ সকলো খিনি পৰ্ব্ব প্ৰায় লাহে লাহে ছপাহৈ ওলাল, তাকে দেখি মোৰ মনতো এই নাৰীপৰ্ব্ব পুথিখানি ৰচিবলৈ ইচ্ছা বলৱত হোৱাত,একান্ত আগ্ৰহেৰে পুথিখনি ৰচনা কৰিলোঁ। কিন্তু “উদক” মাছ খোৱা দেখি “শিৱাল” পানীত পৰাৰ দৰে হৈছে। ৰাজহংসৰ সুন্দৰ লয় লাস খোজ কঢ়া দেখি; “ঘৰ চৰাই” হৈ সেই খোজ ধৰিবলৈ আগ বাঢ়িলোঁ। ইয়াত বৰ্ণাশুদ্ধি পদৰ বিশৃঙ্খলাদি অনেক দোষ হোৱাৰ কোনো সন্দেহ নাই। এতেকে বিজ্ঞ মহোদয় সকলে সেই দোষ ক্ষমা কৰি সকলোৱে একোখনি গ্ৰহণ কৰিলে আমাৰ মানসীক শ্ৰম ও ধন ব্যয়ৰ সাৰ্থক বুলি ভাবিম। নিবেদন ইতি–-

নি, ধ,নী ভৈলোহে ভোগ ভুঞ্জিবে প্ৰয়াস।
ধ,ৰ্ম্মে, মন নাই বাঞ্চো বৈকুণ্ঠত বাস॥
ই,শ্ব,ৰত নভজি ভকতি সুখে আশ।
ক,ৰ, হীন হৈয়া কৰে যুঁজিবাক সাস॥

জিলা দৰং পোঃ গহপুৰ
কলাবাড়ী খাৰৈগুৰি
   শ্ৰীধৰ্ম্মেশ্বৰ মহন্ত।
শঁক ১৮৩৫। ২২ ফাগুন
শুক্ৰবাৰ।