পৃষ্ঠা:স্ত্ৰী-পৰ্ব্ব.djvu/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩
নাৰী পৰ্ব্ব।

শুনা ভীম ধনঞ্জয় মাদ্ৰীৰ নন্দন।
তুমি সবে উপায় চিন্তিয়ো এতিক্ষণ॥
পলাইয়া প্ৰাণ ৰক্ষা কৰা চাৰি ভাই।
অভিশাপ দিয়োক গান্ধাৰী মোক পাই॥
মোৰ এই জীৱনে নাহিকে প্ৰয়োজন।
কিমতে দেখাইবো মই লোকত বদন॥
ধৃতৰাষ্ট্ৰ গান্ধাৰীৰ দেখি শোক বৰ।
কিমতে সহিবো মই তাক নিৰন্তৰ॥
এতেকে মোহোৰ জীৱনত নাহি কাষ।
দিউক ঘোৰ শাপ মোক যাওঁ যমৰাজ॥
হেন শুনি কৃষ্ণে পাছে বুলিলা বচন।
শুনা কুন্তি সুত দুঃখ কৰা কিকাৰণ॥
কোনে কাক ৰাখে আৰু কোনে কাক মাৰে।
নজানিবা আছে বুলি আন মোত পৰে॥
মই যাক ৰক্ষা কৰো মাৰে তাক কোনে।
যাক সংহাৰিবো তাক ৰাখে কোন জনে॥
মোৰেসে অধিন জানা যত চৰাচৰ।
মাৰন্তা ৰাখন্ত আউৰ নাহি মোতপৰ॥
হেন জানি মনে তুমি নকৰা সংশয়।
গান্ধাৰী নিদিব শাপ জানিবা নিশ্চয়॥
কৃষ্ণৰ বচন শুনি পাণ্ডুৰ তনয়।
কৰযোৰি বুলিলন্ত বচন বিনয়॥