পৃষ্ঠা:স্ত্ৰী-পৰ্ব্ব.djvu/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২
স্ত্ৰী পৰ্ব্ব।


কৰিলা অনেক সদ কৰ্ম্ম যজ্ঞবৰ।
তথাপি নেৰাইলা কেঁহো কালৰ হাতৰ॥
আছিল ৰাৱণ ৰাজা বীৰ মাজে সাৰ।
স্বৰ্গ মৰ্ত্য পাটাল কৰিল অধিকাৰ॥
অলেখ আছিল তাৰ পুত্ৰ নাতিগণ।
কোনে সীমা কৰিবেক যত পৰিজন॥
নাছিল বলৰ ওৰ মুনিষ প্ৰধান।
তাৰ ভয়ে দেৱগণে সদা কম্পমান॥
যেতিয়া ধৰিলে কালে কোনে ৰাখে তাক।
একতিলে সৰ্ব্বনাশ কৰিলে সবাক॥
এতেকতে মনে তুমি কৰিয়ো বিচাৰ।
জনম মৰণ দুই কৰ্ম্ম বিধাতা॥
উপজিলে মৃত্যু আছে সংসাৰ ভিতৰে।
কাল অনুসাৰে জীৱ যাতায়ত কৰে॥
কেঁহো চিৰঞ্জীৱ নোহে ইতিনি ভুবনে।
হেন জানি ৰাজা শোক নকৰিবা মনে॥
হেন মতে সঞ্জয়ে প্ৰবোধে নানাভাবে।
তথাপিতো কান্দে ৰাজা শোকত বিনাৱে॥
বৈশম্পায়ন বোলে শুন সুভদ্ৰাৰ নাতি।
আৰু বাৰ বুলিলন্ত সঞ্জয় সুমতি॥
শুনা শুনা ৰাজা কুৰু কুলৰ নন্দন।
হেন বিকল তযু নহয় শোভন॥