পৃষ্ঠা:স্ত্ৰী-পৰ্ব্ব.djvu/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
স্ত্ৰী-পৰ্ব্ব


হৰি হৰি কৈক গৈল প্ৰানৰ পুতাই।
তোমাৰ বিৰহে মোৰ ইতো প্ৰাণ যাই॥
যি শৰীৰে সুগন্ধ চন্দন প্ৰতি নিত।
মহা যত্নে কৰে দাসীগণে সালস্কৃত॥
ইন্দ্ৰ চন্দ্ৰ সূৰ্য্য সম শৰীৰৰ আভা।
হেন মোৰ তনয়ৰ লুপ্ত ভৈল প্ৰভা॥
দাসগণে যাহাক সেৱয় অনুক্ষণ।
হেন তনয়ৰ ভৈল মৃতিকা শয়ণ॥
কোমল শৰীৰ অতি ৰূপ বিতোপন।
হেন শৰীৰক খাইব শৃগাল শগুণ॥
যাহাৰ প্ৰতাপ দেখি সবে কৰে ভয়।
দ্বিতীয় বাসৱ যেন আমাৰ তনয়॥
হেন মোৰ পুত্ৰক নিলেক কোন যমে।
এহি বুলি হৃদয়ত ঘনে মুষ্ঠি হানে॥
পুত্ৰশোকে ৰাজাৰ গাৱত নাহি থিৰ।
ধাৰে বহি যাই আতি নয়নৰ নীৰ॥
কপালত মুঠি হানি কৰয় ক্ৰন্দন।
দিলেক বিধিয়ে মোক শতেক নন্দন॥
মোৰ দুই চক্ষু হীন ভৈল জন্মাবধি।
পুত্ৰ চক্ষু দিল দান কৃপা কৰি বিধি॥
পূৰ্ব্ব পাপ ফলে নভৈলেক কাৰ্য্য সিদ্ধি।
হাতে দিয়া কাঢ়ি নিল পুত্ৰ হেন নিধি॥