পৃষ্ঠা:স্ত্ৰী-পৰ্ব্ব.djvu/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
স্ত্ৰী-পৰ্ব্ব।

বন্দনা।

পদ।

জয় নমো নাৰায়ণ ব্ৰহ্ম সনাতন।
ব্ৰহ্ম হৰে চিন্তে যাৰ অভয় চৰণ
নমো নমো ভগৱন্ত পৰম পুৰুষ।
ভকতৰ গতি দেৱ জয় হৃষিকেশ॥
হৰি বিনে গতি নাই জীৱন মৰণে।
সৰ্ব্ব পুৰুষাৰ্থ সিদ্ধি তাহাঙ্ক স্মৰণে॥
হৃদয়ত থাকি যেহি দিয়ে সৰ্ব্ব বুদ্ধি।
সেই হৰি স্মৰণে আৰম্ভ হৌক সিদ্ধি॥
অনন্ত ঈশ্বৰ হৰি অনন্ত চৰিত্ৰ।
তযু নামে কৰে ইতো জগত পবিত্ৰ॥
তোমাৰ মহিমা নজানয় হৰ-বিধি।
দাস বুলি কৰা হৰি আৰম্ভৰ সিদ্ধি॥
সৰস্বতী মাৱ মোত হুয়োক প্ৰসন্ন।
ভাৰতৰ কথা মই কৰোহো ৰচন॥
নাৰী পৰ্ব্ব কথা ইতো সংসাৰতে সাৰ।
ব্যাস মহা মুণি পূৰ্ব্বে কৰিলা প্ৰচাৰ॥
বোলো কৃতাঞ্জলী মই শুনা সভাসদ।
মহামূঢ় হুয়া কৰো ভাৰতৰ পদ।