পৃষ্ঠা:স্ত্ৰী-পৰ্ব্ব.djvu/১১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
নাৰী পৰ্ব্ব।

১০৭

সেহিদিন ধৰি তাৰ দুঃখৰ নাহিকে ওৰ,
 বনত ভ্ৰমন্ত দিবানিশি।
কতোকাল বহি গৈলা,  বিধিৰ সুপ্ৰসন্ন ভৈলা,
 শ্ৰীৰাম মিলিলা তৈতে আসি॥
সুগ্ৰীৱৰ ভৈলা অতি,  পৰম হৰিষ মতি,
 লভি ৰাম লক্ষণৰ লাগ।
ৰামত শৰণ লৈলা,  দুয়ো মিত্ৰাৱতি কৈলা,
 ৰামেয়ো মানিলা মহাভাগ॥
কৰি দিব্য ঘোৰশৰ, বালীক বধিলা ৰামে,
 সুগ্ৰীৱক সুশিলা নগৰ।
ৰাজ্য লভি সুগ্ৰীৱৰ,  হৰিষ মিলিল অতি,
 সুখে ৰাজ্য পালে নিৰন্তৰ॥
হেন মতে আছে নীতি,  পূৰ্ব্ব হন্তে জগতত,
 ভাইক মাৰি স্বৰাজ্য ভুঞ্জয়।
একেতে মনত জানি,  ভাতৃ বধ পাপ বুলি,
 তুমি কিছু নকৰা সংশয়॥
মোহোৰ বচন পালি,  উঠা ৰাজা গাৱ চালি,
 নগৰক কৰিয়ো গমন।
শুনিয়োক সৰ্ব্বজনে,  হৰি হৰি বোলা ঘনে,
 তেবে পাইবা বৈকণ্ঠ ভূবন॥