পৃষ্ঠা:স্তুতি মালা.pdf/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

লক্ষ্মী-স্তুতি।

মহামায়া মহালক্ষ্মী
 সুৰৰ পূজিতা;
শঙ্খ-চক্ৰ-গদা হস্তে
 জগত বন্দিতা।
নাৰায়ণ সঙ্গে সদা
 গৰুড়ত চৰা;
মহাপাপ হন্তে তুমি
 পাতকিক তাৰা।
বৰ দান কৰা তুমি
 দুখ কৰা নাশ;
মুক্ত কৰা জীৱ সবে
 কাটি মায়াপাশ।
আদ্যা শক্তি যোগমায়া
 মহেশ্বৰী দেবী;
মুক্ত হয় সিদ্ধগণ
 তযু পদ সেবি।
স্থূল সূক্ষ্ম সৰ্ব্বৰূপা
 ব্ৰহ্ম স্বৰূপিণী;
দেবগণে স্তুতি কৰে
 জুৰি দুই পাণি।