পৃষ্ঠা:স্তুতি মালা.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

স্তুতি-মালা ৷

——————

ইষ্টদেৱ স্তুতি।

অজ্ঞান আন্ধাৰে সদা  ঢাকি আছে মোৰ মন
 দিয়া প্ৰভু জ্ঞানৰ পোহৰ;
ভক্তিহীন মূঢ়মতি  তুমি বিনে নাই গতি
 অন্ত কৰা মায়াৰ মোহৰ।
দুখ যদি আহে  প্ৰভু কাতৰ নহওঁ যেন
 ভাবোঁ জানো তোমাৰেসে দান;
তোমাৰ চৰণ চাই  মনে জানো বল পাই
 তোমাতেই মজি থাকে মন।
বিষয়তে থাকি যেন  তোমাত নুগুছে ৰতি
 সত্য বস্তু পাওঁ দৰশন;
সত্যৰ কাৰণে যেন  সুখ ভোগ পৰিহৰি
 লব পাৰোঁ সাৱটি মৰণ।
মৰণৰ ভয়ে প্ৰভু  মনক ব্যাকুল কৰে
 মায়াই আকুল কৰে প্ৰাণ;
ইতো দেহা যদি যাই  আত্মাৰ মৰণ নাই
 দিয়া প্ৰভু এই সজ জ্ঞান।