পৃষ্ঠা:সুৰভি.pdf/৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৮১)


মাৰোৱাৰী কেঞা বা ইহুদীৰ স্বভাৱ পায়। শূদিৰে চিৰকাল দাসত্ব অৰ্থাৎ লগুৱালি কৰি খচকাত শুকোৱা আৰু নিয়ৰত ঠন ধৰা দুবৰিৰ স্বভাৱ পায়। গীতাত কৈছে—

“শমো দমস্তপঃ শৌচং ক্ষান্তিৰাৰ্জ্জবমেব চ।
জ্ঞানং বিজ্ঞানমাস্তিক্যং ব্ৰহ্মকৰ্ম্ম স্বভাৱজম্॥
শৌৰ্য্যং তেজো ধৃতিৰ্দাক্ষ্যং যুদ্ধে চাপ্যপলায়নম্।
দানমীশ্বৰভাবশ্ব ক্ষাত্ৰংধৰ্ম্ম স্বভাৱজম্॥
কৃষি-গোৰক্ষ্য-বাণিজ্যং বৈশ্যকৰ্ম্ম স্বভাৱজম্।
পৰিচৰ্য্যাত্নকং কৰ্ম্ম শূদ্ৰস্যাপি স্বভাৱজম্॥

 অৰ্থাৎ সম, দম, তপ, শৌচ, ক্ষমা আৰু সৰলতা আৰু জ্ঞান, বিজ্ঞান আস্তিক্য় অৰ্থাৎ ঈশ্বৰ বিশ্বাস ব্ৰাহ্মণবিলাকৰ স্বভাৱজাত কৰ্ম্ম। শৌৰ্য্য, তেজ, ধৃতি, দক্ষতা, দান, প্ৰভুত্ব আৰু, যুদ্ধত নিৰ্ভিকতা ক্ষত্ৰিয়বিলাকৰ কৰ্ম্ম। কৃষি, গোপালন আৰু, বাণিজ্য বৈশ্য বিলাকৰ কৰ্ম্ম। পৰিচৰ্য্যা শূদিৰবিলাকৰ স্বভাবজাত কৰ্ম্ম। কিন্তু এতিয়া যেতিয়া বামূণে শূদিৰৰ আৰু বৈশ্য়ৰ ব্য়ৱসায়ত ধৰিছে; ভাতৰান্ধনি, গাড়োৱান, আনকি কুলিৰ কামৰে পৰা নানাবিধ গোলামী কামত লাগিছে; ক্ষত্ৰিয়ৰ ব্যৱসায়েই নাইকিয়া হল, আৰু ক্ষত্ৰিয়ৰ ব্যৱসায় গৈ বাহাদুৰ চিং, সন্দৰ সিং থাপ্পা, আৰু ৱাজিদ খাঁৰ হাতত পৰিলগৈ, আমি আৰ্য্যবিলাকৰ জাতৰ চক্ৰটো কোন কেইটা উধানৰ ওপৰত ৰলগৈ কওঁকচোন? কলিকতাত ন-সূত লগুণৰ ভাৰ বোৱা বামুণে ছাগলীৰ মঙ্গহ বেচা আৰু জোতা বেচা দোকান কৰি পেট প্ৰবৰ্ত্তাই থকা দেখা যায়, ৰান্ধনি গাড়োৱান আদি কাম কৰি ভাত মোকোলোৱা বাপুদেউসকলৰ তো লেখেই নাই। আজিকালি বামুণে ম্লেচৰ লগুৱালি কৰিও জাত নেহেৰুৱায়, অথচ তেওঁলোকে, বেদজ্ঞ তপোনিষ্ঠ বশিষ্ঠ ভৃগুৱে কঠোৰ তপস্যাৰে অৰ্জ্জন কৰা ব্ৰহ্মণ্যৰ ওপৰত দাবি কৰি বহি থাকে। এনেস্তলত হিন্দু সমাজৰ কেনে গতি হৈছে অনুমান কৰি লবই পাৰি। আমাৰ শৰীৰত আগৰ আৰ্যৰ আৰ্য্যত্ব, ঋষি মুনিসকলৰ ব্ৰহ্মণ্য আৰু পবিত্ৰতাৰ গোন্ধ-ভাপ বিচাৰি পাবলৈ একো নাই বুলিলেই হয়, তথাপি আমি বামুণৰো আও বামুণ হৈ, নাহৰতকৈও সুকাঠী হৈ, থম্থম্ কৰে বহি আছোঁ। মৰিলেও হেনো ধনঞ্জয় নামৰ বায়ুৱে গাৰ পৰা নেৰে; আমাৰ গাৰ পৰাও, আৰ্য্যত্ব ব্ৰহ্মণত্ব মৰিলেও, সেইদৰে ধনঞ্জয় বায়ুয়া জাত নাযায় দেখিছোঁ। জাতৰ শৰণ লৈ আমি আমাৰ লৰাক কলিকতালৈ পঢ়িবলৈ পঠিয়াব নোৱাৰোঁ, বিলাতত পঢ়িবলৈ পঠিয়াব নোৱাৰোঁ। আমাৰ অসমীয়াৰ অপৰূপ জাতৰ বাবেই, আসামৰ বাহিৰে বামুণ সজ্জন যেয়ে হওক, তেওঁৰে সৈতে খোৱা-লোৱা কৰিব নোৱাৰোঁ। আমাৰ সি জাত নহল জানিবা ভালুকেৰ সাঙ্গীহে