পৃষ্ঠা:সুৰভি.pdf/৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৭৯ )


কৰা বিলাককে আগেয়ে আৰ্য্য বুলিছিল। আৰ্যসকলে তেওঁলোকৰ প্ৰতিদ্বন্দী প্ৰতিবাসী খেতি-বাতি কৰি খাব নজনা আৰু মাছ পহু মাৰি খাই উদঙীয়া হৈ ফুৰা জাতৰ মানুহৰ পৰা নিজক বেলেগ বুজাবলৈ আৰ্য্য অৰ্থাৎ হাল বাই খোৱা হালোৱা বুলি চিনাকি দিছিল। আজিকালি আপোনাসকলৰ শিৰৰ মুকুট আৰ্য্য কেইজনে হাল বায় নে নাবায়? শিৰৰ মুকুট কাক বুলিছোঁ অৱশ্যে বুজিছে। বামুণ কেইজনকে শিৰৰ মকুট বোলা গৈছে। বামুণে হাল বালে দেখোন তেওঁলোকৰ আজিকালি জাত যায়। যি আৰ্য্য় আৰ্য্য় কৈ ডেডাউৰিয়াই আপোনালোকে গগণ ফালিছে, সেই আৰ্য্যৰ নিজা ব্যৱসায় হাল বাবলৈ গলে দেখোন আপোনালোকৰ জাতৰ কণ-কঠীয়া সোপাই মৰে! চমুকৈ কবলৈ গলে আপোনাসকল সঁচাকৈ আৰ্য্য হবলৈ গলে আপোনালোকৰ জাত যায়, আৰু অনাৰ্য্য় হৈ থাকিলে অৰ্থাৎ পৰৰ দাসত্ব কৰিবলৈ গলে, বৈশ্যৰ ব্যৱসায় বেহা- বেপাৰ কৰিলে, নাইবা অনাৰ্য্যৰ ব্যৱসায় বা ব্যসন অৰ্থাৎ চিকাৰ কৰি চৰাই পহু আদি মাৰি ফুৰিলে জাত নাযায়। আজিকালি আপোনালোক ওলোটা পাকে চলিলে আপোনালোকৰ জাতি বক্ষা পৰে আৰু, পোন পাকে চলিলে আপোনালোকৰ জাতি পতন হয়। আপোনালোকৰ উপৰি পুৰুষসকলে যত ভৰিৰে বাট বুলিছিল, আজিকালি তেওঁলোকৰ সতি-সন্ততি আপোনালোকে দেখোন তাত মূৰেৰে বাট নুবুলিলে সৰ্ব্বনাশ সমুত্পন্ন হয়। এইটো কিন্তু এটা বৰ ডাঙৰ সাঁথৰ। এই সাঁথৰৰ মৰ্ম্মটো মোক বুজাই দিয়কচোন! হে আৰ্য্যশ্ৰেষ্ঠ ব্ৰাহ্মণ উকিল ডাঙ্গৰীয়া! অৰ্থাৎ বৰ হালোৱা! মোক এইটো বুজাই দিয়কচোন, আপোনালোকৰ জাতটোৱে কোনখন বেদৰ মতে চলিব লাগিছে? আপোনালোকৰ জাতৰ নাড়ীডাল কোনখন সুশ্ৰুত বা কোনখন চড়ক সংহিতাৰ নিয়ম মানি লৰে মোক কওকচোন? ‘অঙ্কস্য বামা গতি’ বুলি কয়, আপোনালোকৰো জাত কুল আদিৰ তেনেকুৱা বামা গতি নে কি? আগৰ আপোনাসকলৰ হালোৱা পিতৃপুৰুষসকলৰ দুহিতা আইদেউহঁতৰ বাব আছিল গাখীৰ খীৰোৱা; উলৰ মোজা বোৱা, ছবি অঁকা, গান বাজনা কৰা বা নাটক ‘নভেল’ পঢ়া নহয়। তেওঁলোকৰ কাম ঘাইকৈ গাখীৰ খীৰোৱা আছিল দেখি তেওঁলোকক দুহিতা বুলিছিল। দুহ্ ধাতুৰ অৰ্থ যে গাখীৰ খীৰোৱা সেইটো লেখা পঢ়া শিকাসকলে জানে। আপোনাসকলৰ হালোৱা পিতৃপুৰষবিলাকৰ গৰুৱেই ধন গৰুৱেই সৰ্ব্বহ আছিল। তাৰ বাহিৰে হালোৱাৰ আন কিবা বহুমূলীয়া ধন-সম্পত্তি থাকিবৰ বা আশা কৰিব পাৰি কেনেকৈ? কিবা কিবা বস্তু কিনাৰ বেচ দিব লাগিলে অথবা কোনো জগৰৰ বাবে দণ্ড দিব অৰ্থাৎ জৰিমনা ভৰিব লাগিলে তেওঁলোকে ধেনু, অৰ্থাৎ গৰু দিছিল; আৰু আজিলৈকে তাৰ চিন, আপোনালোকৰ পৰাচিতত এধেনু পৰাচিত দুধেনু পৰাচিত কথা ৰৈ গৈছে।