পৃষ্ঠা:সুৰভি.pdf/৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৭৭ )


থাকোতেই পৰমেশ্বৰে সদ্ব্য়ৱহাৰ কৰিবলৈ দিয়া দিন কেইটা অনাহকত অসদ্ব্য়ৱহাৰত যায় সেই গোধীয়ায়েই নিজৰ গোধা ভৰিখন উলুৱনিৰ মাজত লুকাই থৈ লোকক গোধা বুলি হাস্য কৰিছে।” মই শুধিলো, কোন নো সেইজন উলূৱা মহাপুৰুষ, নামটো শুনাই যাওক চোন?”

 উকিল।—“নাম কবলৈ মই ভয় কৰা মানুহ নহওঁ। পৰৰ বদনাম ৰটি ফুৰা মোৰ কোনো পুৰুষৰ সহজ নাই আৰু, ৰটি চোৰৰ দৰে লুকঢুক কৰাও মোৰ স্বভাৱ নহয়। নামটো শুনিব খুজিছা শুনা, সেই হতচিৰী হোৱা জাতিৰাম শৰ্ম্মা ওৰফে কছাৰীত ফৌজদাৰী চিৰস্তাদাৰৰ কামটো পাই ন-কৈ হোৱা জাতিৰাম বৰুৱা। সি খনতে কৈ ফুৰিছে, বোলে, মোৰ বৰ বোপাই কলিকতাত পঢ়িবলৈ গৈ বঙ্গালী বামুণৰ হাতে ভাত খাই আহিছে, আৰু সন্ধ্য়া নকৰে, সেইদেখি তাৰ জাত নাই৷ আৰু সেইদৰে কৈ ফুৰি, সদৰামিনৰ জীয়েকে সৈতে পাতিব খোজা মোৰ লৰাৰ বিয়াখন সি ভাঙ্গিবলৈ কাৰবাৰ কৰিছে।”

 ‘ফুট ছাইৰ মাজৰ পৰা উলিৱা পোৰা তপত আলুগুটিটো অলপ চেচা হবলৈ দিহে তাৰ ছাল বখলিয়াই মুখত সুমুৱা উচিত, নতুৱা সি জিভা পুৰিব; ইয়াকে ভাবি, খঙৰ তপত ভাপটো ওলাই গৈ উকিলক চেচা হবলৈ অলপ সময় দি, কিছুমান পৰ টলকা মাৰি থাকি মাত লগালোঁ। ডাঙ্গৰীয়া! মই বুজিব পাৰিছোঁ, আপোনাৰ খঙৰ মানেটো। আপোনাৰ খং উঠিব পায়। আপোনাৰ বৰ লৰাটিয়ে কলিকতাত পঢ়িবলৈ বুলি থাকি, তাত অৱশ্যে অপাৰগ পক্ষত – বঙ্গালী ৰান্ধনি বামুণৰ হাতে ভাত খাইছিল। সেইটো কোনো ‘ব্ৰহ্মবধ বা গোবধৰ শাৰীৰ পাতক নহয়, আৰু স্বৰূপতে কবলৈ গলে সি কোনো পাতকেই নহয়। তাকে গপাই গপাই বৰটো কৰি আমাৰ ‘নমো নমো পাৰিজাত, কুকুৰে ছুলে বাহী গাত’ জাতিৰাম ফৌজদাৰী চিৰস্তাদাৰে আপোনাৰ পুতেকৰ জাত গল বুলি কৈ ফুৰিছে। কিয় যে এই ক্ষুদ্ৰ পাতকত আপোনাৰ লৰাৰ, জাতিৰাম বৰুৱাৰ শাস্ত্ৰমতে, জাত গল তাক জাতিৰাম বৰুৱাইহে জানে। মিছা কথা কলে, ভণ্ডামি কৰিলে, ফাকি-জুকি দি পৰক দাঁড়ি খালে, ভেঁটী খালে, আনকি অগম্যাগমন কৰিলেও, চিৰস্তাদাৰৰ শাৰীৰ লোকৰ জাত যোৱা দেখা নাযায়; কিন্তু বিদ্যাৰ্থী লৰাই বিদ্যা শিকিবলৈ গৈ বিদেশত বিদেশী বামুণৰ হাতে ভাত এমুঠি খাই লেখা-পঢ়া শিকিলেহে হেনো তাৰ জাতটো যায়। চকৰিৰ ঢুৰাত তেল দি লোৱা আৰু চকৰিৰ বেৰত বৰৰ আঠাৰে মেৰ লগাই লোৱা গাড়ীৰ দৰে চিৰস্তাদাৰ কোম্পানীৰ জাত কেৰ্-নেকেৰোৱাকৈ সুসূ্ৰ্ৰ কৰে তিনিউ প্ৰসঙ্গত আহে আৰু যায়, কোনেও তাৰ গম নাপায়। কিন্তু আনৰ জাতৰ চকৰিৰ তলত