নিজৰ গাত দায় লৈ কালি যেনেকৈ মোক সৰুৱালে, সেইটো আপোনাৰ বহল
মনৰ আৰু পৰোপকাৰী অন্তঃকৰণৰ চিন। ঈশ্বৰে আপোনাৰ ভাল কৰক,
তেওঁৰ অভয় চৰণত মোৰ এই প্ৰাৰ্থনা। আপুনি মোৰ এইবোৰ কথা নিজৰ
পেটত ৰাখিব, কাকো নকব। মই আপোনাক বিশ্বাস কৰিব পাৰোঁ জানি বিশ্বাস
কৰিলোঁ। সৰুৰে পৰা দেখা শুনা হৈ আমি ডাঙৰ দীঘল হৈছোঁহঁক; আপোনাৰ
ওখ মনৰ বিষয়ে মই আগৰে পৰা ভালকৈ জানোঁ।
‘কালি’ আপুনি কিয় আমাৰ ঘৰলৈ আহিছিল, সেইটো মোৰ বুজিবলৈ বাকী নাই। দেউতাৰ মন বৰ ঠেক। তেওঁৰ সৰু মনৰ কাৰ্য্যত আমি সদায় লাজ পাওহঁক। কিন্তু কি কৰোঁ। অৱশ্যে এটা কথা পাহৰিব নালাগে যে এপুৰুষতে কোনো মানুহৰ মন একেবাৰেই ডাঙৰ হব নোৱাৰে; আৰু হলেও সি এশটাৰ ভিতৰত এটাৰহে। সেইবোৰ কথা আজি কৈ লাভ কি। মই ছাগলীৰ গাখীৰ দিনৌ দুইবেলা দেউতাই গম নোপোৱাকৈ আমাৰ ন-গয়াঁনী বাইৰ হাতত আপোনালৈ পঠিয়াই দিম। আপুনি গাখীৰৰ বেচ বুলি থৈ যোৱা পইচা চাইটা আৰু গাখীৰ লৈ যাবলৈ অনা বাটিটোও, মই পত্ৰবাহক মোৰ সৰু ভাইটোৰ হাতত পঠিয়ালোঁ। ইতি
আপোনাৰ ভনীয়েক
শ্ৰীমতী মাধৈমালতী
“এই চিঠিখন পাই মই কি কৰিম কি নকৰিম, একোকে ঠিক কৰিব নোৱাৰিলোঁ। কিন্তু মাধৈমালতীয়ে মোৰ ওপৰত বিশ্বাস স্থাপন কৰি যিবোৰ কথা তাই লেখিছে, সেইবোৰ বিশ্বাস ভণ্ডুৰ কৰি কাকো নকওঁ, এইটো নিশ্চয় কৰিলোঁ।
“ইয়াৰ পিচত মাধৱ তৰণিয়ে মোক তেওঁৰ ঘৰত জলপান খাবলৈ মতাই পঠিয়াইছিল, কিন্তু মই এদিনো যোৱা নাছিলোঁ। আজি মূৰ কামোৰণি, কালি পেটৰ অসুখ, এনেবোৰ আসোঁৱাহ উলিয়াই মই সেই নিমন্ত্ৰণবোৰৰ পৰা গা সাৰি আছিলোঁ।
“ওপৰত কোৱা সেই ৰাতিৰ ঘটনা ঘটিবৰ পৰা পঞ্চম দিনাৰ ৰাতিপুৱাই মাধৱ তৰণি ফোপাই-জোপাই হাতত চিঠি এখন লৈ মোৰ দেউতাৰ ওচৰ ওলাই কলেহি, ‘ডাঙ্গৰীয়া! মোৰ সৰ্বনাশ ঘটিল! মোৰ বৰজনী ছোৱালীক গল ৰাতি ডাকঘৰৰ বাবু এটাই পলুৱাই লৈ গল! মই কি কৰোঁ, কলৈ যাওঁ, বুধি এটা দিয়ক ডাঙ্গৰীয়া!’
“দেউতাই তৰণিক বিশ্বাস দি কলে, 'তুমি ব্যস্ত নহবা, ছোৱালী ওলাব। যি হৈছে হৈছে, এতিয়া তাইক বিচাৰি-খোচাৰি আনিব লাগিব। ঘৰত বয়সীয়া