পৃষ্ঠা:সুৰভি.pdf/৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ৭১ )


বাহিৰৰ চোতালত বহি গুণগুণাই হাজাৰীঘোষাৰ পদ একো ফাঁকি বিসুৰীয়াকৈ গাইছে। ঘৈণীয়েকে বৰ ঘৰৰ শোৱাপাটীত লৰা শুৱাব চেলুতে নিজেও এঘুমটি মাৰি লৈছে। এনেতে মই হাতত ক’ঠাল-কুঁহীয়া বাটি এটা লৈ, ভৰিৰ গোৰোৱাক মাটিৰ পৰা আঁতৰত ৰাখি আঙ্গুলিৰ আগত ভৰ দি, হাতত সাৰে ভৰিত সাৰে গৈ, চুৰকৈ ছাগলীৰ গাখীৰ খীৰাই আনিবলৈ বুলি মাধৱ তৰণিৰ ছাগলীৰ ঘৰত সোমালোঁ। তৰণিৰ ছাগলীৰ ঘৰটো ৰান্ধনি ঘৰৰ মুধৰ পৰা ছালি এখন বঢ়াই কৰা। ৰান্ধনি-ঘৰৰ মুধৰ বাৰখনেই তাৰো এফালৰ বাব। মই খীৰতী এজনীৰ ওচৰত লাহেকৈ বহি, গাখীৰ খীৰোৱাৰ পাতনি স্বৰূপে তাইৰ বাটত খুন্দা ধৰিছোঁ। এইখিনিতে কোৱা আৱশ্যক যে মোৰ কাৰ্য্যটোক একেবাৰেই চুৰিৰ শাৰীৰ পৰা এখোপ ওপৰলৈ তুলিবৰ মনেৰে মই পইচা চাইটা লৈ গৈছিলোঁ, আৰু, তাক গাখীৰৰ বেচ স্বৰূপে সেই ছাগলীজনীৰ ওচৰতে থৈ দিলোঁ। অৱশ্যে চাৰি চটা ইটা দি চাপৰ শোৱা-ছালপীৰাখনৰ চাৰি খুৰা ওখ কৰাদি এই চাইটা পইচাৰে মই মোৰ কাৰ্যটোক ওখ কৰিবলৈ গৈ কিমান দূৰ কৃতকাৰ্য্য হৈছিলোঁ, আপুনি বুজিছে; মই তাৰ বিষয়ে একো নকওঁ।

 “ইকৰাৰ বাৰখন যদিও গোবৰ-মাটিৰে লেপা, তথাপি সি বছৰ চেৰেকৰ পুৰণি বাবে ঠায়ে ঠায়ে তাৰ লেপ খহি সুৰুঙা ওলোৱা হৈ গৈছিল। সেইদেখি জলঙাইদি, ছাগলীৰ ছালিৰ পৰা আখলৰ ভিতৰলৈ মোৰ দৃষ্টি সহজে সৰকি গৈছিল। ইয়াৰ উপৰিও তাত জুইৰ পোহৰ, আৰু মই থকা ছালিৰ ভিতৰত এন্ধাৰ, গতিকে সেই বিষয়ত ৰান্ধনি-ঘৰীয়াতকৈ ছাগলীঘৰীয়াৰ সুবিধা বিস্তৰ।

 “ছাগলীজনীৰ ওহাৰখন হাতৰ মুঠিৰে খুন্দিয়াই লৈ মই বাটিটো বাওঁহাতে তুলি লৈছোঁ, আৰু সোঁ হাতেৰে বাট এটাত ধৰি এচোচা কি দোচোচা মাৰিছোঁহে, এনেতে আখলৰ খোটালিৰ উত্তৰ ফালৰ বাৰত তিনিটা টোকৰ পৰা শুনিলোঁ। টোকৰ শুনি মই দুগ্ধদোহন কাৰ্য্য স্থগিত ৰাখি, তাৰ মানেটো উলিয়াবৰ নিমিত্তে চকু কাণ ঠিয় কৰি, আৰু সৰ্ব্বাঙ্গ শৰীৰটোক মনৰ ভাপেৰে ভালকৈ উষুৱা এখন ডাঙৰ কাণ কৰি পেলালোঁ। মই এইদৰে চোপা দি আছোঁ, ছোৱালীজনীয়ে টোকৰ কেইটা শুনি চৰিয়াত চুৱা হাত ধুই, লাহেকৈ উঠি আখলৰ পৰা ওলাই পাছ ফালৰ চোতাল পালেগৈ। দৈৱ দুৰ্ব্বিপাকত, ঠিক এনে সময়তে ‘বৰ আইটী অ! বৰ আইটী অ!’ বুলি তৰণি ৰান্ধনি ঘৰৰ ফালে আহক। কিন্তু বৰ আইটীৰ উত্তৰ নাপাই তেওঁ আখলৰ ভিতৰলৈ সোমাই গল। গৈ দেখিলে, ভাত-চৰুৰ তলত জুই জ্বলি আছে, অথচ বৰ আইটী তাত নাই। মোৰ দুৰ্দ্দশাৰ ফেৰত তাৰ