পৃষ্ঠা:সুৰভি.pdf/৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৬০ )

(

৬০ )

আগেয়ে মই চট্‌ফট্ কৰে হাতৰ কাম তিন-টিলিকতে কৰি শেষ কৰিছিলোঁ, এতিয়া মই ওৰে দিনটোত এটা সৰু কাম সমাধা কৰিবলৈ আহৰি উলিয়াব নোৱাৰি ব্যস্ত হৈ ৰ লাগি বহি থাকোঁ। আগৰ মোৰ হাঁহি মাতৰ ভৰা সোতত ডকাই খলকনি লগাই আছিল, এতিয়া তাত শুকান চাপৰি পৰি তার ওপৰত নল খাগৰি গজিল। ইয়াৰ ওপৰত আৰু এটা স্বভাৱে মোৰ গাত বাহ ললে। লোকে যিহকে কওক, তেওঁৰ কথাত মই “কণ্ট্ৰাদিক্‌ট” অর্থাৎ প্রতিবাদ কৰি- বলৈ এৰিলোঁ। লোকৰ কথাৰ প্রতিবাদ কৰাটো এতিয়া মোৰ মনত সময়ৰ অনাৱশ্যকীয় অপব্যৱহাৰ যেন লাগিবলৈ ধৰিলে। মোৰ মনত হল, যে এই দীঘে বানিয়ে দীঘল বহল পৃথিবীত কত মানুহে সঁচাই মিছাই কত কথা কৈছে, কণী ভগা ঘৰ-শালিকাই চেকচেকাই থকাদি কত চেক্চেকাই আছে, সেইবোৰৰ প্রতিবাদ কৰি থাকিবলৈ গৈ মোৰ বহুমূলীয়া সময় ফেৰা নষ্ট কৰাতকৈ বৰং সেইখিনি সময়ত চকু মুদি বা মেলি বিশ্বব্রহ্মাণ্ডব সাৰ কানি সৃষ্টি কৰ্ত্তাজনৰ অপাৰ মহিমা অনুভৱ কৰি থাকিলে কাম দেখে। এই মত অনুসৰি চলি শেহত মই এনেকুৱা হলোঁ যে লোকে কোনো কথা কলে তাক নহয় বুলিবকে নোৱাৰা হলোঁ; মূৰ দুপিয়াই বা মুখেৰে হয় বা হু বুলি মই গা সৰাত পৰিলোঁ। এই অদ্ভুত অৱস্থাৰ বাবে মই অনেক ঠাইত ঠেকা খাইছিলোঁ, তাৰে ঘাই এটাৰ বিষয়ে আজি মই তোমাক কওঁ বলি আহিছো।”  “কলিকতাত মোৰ চিনাকি বঙ্গালী বন্ধু লেখ,সৰহ নহয় ; এক, দুই, তিনি কুট (।)। তাৰে এজনৰ নাম বিজয় চন্দ্ৰ ৰায়। তেওঁ জীয়েকৰ বিয়া পাতিলে আৰু, তালৈ তেওঁৰ অনেক কুটুম্ব বন্ধু বান্ধৱে সৈতে মোকো নিমন্ত্ৰণ কৰিলে। বিয়াৰ সভাত বহি আছো; দৰা-কন্যা সপ্তপদী গমন কৰিছে; এই সময়তে দুজন চাৰিজন মানুহৰ সৈতে মোৰ অলপ-অচৰপ আলাপ পৰিচয় ঘটিল। এইদৰে চিনাকি হোৱা মানুহৰ ভিতৰত এজনে মোৰ সৈতে আলাপ কৰিবলৈ অলপ সৰহকৈ আগ্রহ প্রকাশ কৰা দেখিলোঁ। একেই ময় ভয়াতুৰ মানুহ, তাতে এই গতি; মই চ'ক খাই গলোঁ। সেই মানুহজনৰ নাম শশীভূষণ মল্লিক। বিজয় বাবুৱে এখেত অমুক বৰুৱা বুলি তেওঁৰ ফাললৈ মোক আগবঢ়াই দিবলৈহে পালে, শশী বাবুৱে টপৰাই মাত লগালে—'আমি বৰুৱাদেব খুব জানি; বিশেষ- ৰূপে জানি; আমাকে কিছুই বলতে হবেনা। এঁবা কায়স্থ, বড়লোক, আসাম দেশেৰ জমিদাৰ। এঁব দাদাৰ সঙ্গে বোধ হচ্ছে আমি এক ক্লাসে প্রেসিডেন্সি কলেজে পঢ়েছিলাম। তাঁৰ নামটা আমাৰ স্মৰণ হচ্ছে না, কি বড়ুয়া। তিনি অতি সজ্জন লোক ছিলেন; ক্লাসে কাৰো সঙ্গে একটি কথাও বলতেন না, চুপ কোৰে এক কোণে বোসে থাকতেন। আমরা সব বকাটে ছেলে তাঁকে ভাল মানুষ পেয়ে খুব ক্ষেপাতুম। আনন্দ বড়ুয়া এদেৰই ফেমিলিৰ।'