পৃষ্ঠা:সুৰভি.pdf/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

প্ৰথম দৰ্শনত ওপজা প্ৰেম

 সিদিনা বান্ধ গিৰীন্দ্ৰ বৰা ফোপাইজোপাই আহি মোৰ আগত উপস্থিত। মানুহটোৰ গতিটো দেখি মই ভয় খাই গলোঁ; বোলোঁ কি হল? এওঁ কৰবাত ভবা নাও বুৰাই আহিল নে কি, নাইবা বাটত বনৰীয়া ম’হ কি গড়ৰ খেদা খাই আহিল? মই তেওঁক আস্তবেস্ত কৰি কি হৈছে বুলি সুধিলত, বান্ধই তিনটা কি চাইটা দীঘল উশাহ সলাই লৈ মোক চকুৰ ঠাৰেৰে আঁতৰলৈ নিৰলাকৈ মাতি নি লেখাদৰে কবলৈ ধৰিলে।—

 “বান্ধ মই বৰ মস্কিল এটাত পৰিহে তোমাৰ গুৰিলৈ আহিছোঁ। মোক কি হয় এটা বুদ্ধি-ভাগ দি ৰাখাঁ। নতুবা মই বিপাঙে মৰিলোঁ। মোৰ গঢ়টো তুমি জানাই; সৰুৰে পৰা কেৱল কবিতা, নাটক, “নভেল’, ছাই আৰু ভস্ম, মাথা আৰু মুণ্ড কৰিয়েই গলোঁ। কবিতাৰ ৰস পিবলৈ পালে আৰু নাটক নভেলৰ সোৱাদ জিভাত লাগিলে বিশ্ব ব্ৰহ্মাণ্ড গোটেইখনলৈকে পিঠি দিওঁ! নাটক পঢ়ি তাৰ নায়ক হবলৈ হেপাহ লাগে; কবিতা পঢ়ি হাঁ-হুমুনিয়াহ কাঢ়ি একাকাৰ কৰোঁ। সৰ্ব্বনশীয়া নাটক নভেল পঢ়িয়েই, প্ৰথম দৰ্শনত ওপজা প্ৰেমত মোৰ থাউনি নোপোৱা বিশ্বাস জনমিছিল।

 কিন্তু কবিতা নাটক নভেলেতো আৰু মানহক পেটৰ চিন্তাৰ পৰা তৰাব নোৱাৰে। তুমি জানাই, দেউতা ঢুকাবৰ পৰা গোলমলীয়া সংসাৰৰ গোলমলীয়া গধূৰ ভাব মোৰ মূৰত পৰিল। কি কৰোঁ নিৰূপায়, কবিতা নাটকৰ কিতাপবিলাক হেচুকি আঁতৰাই কাষৰীয়াকৈ থৈ ঘৰ সংসাৰৰ কাম হাতত ললোঁ। খেতি-পথাৰ গৰু-গাই ইত্যাদিত হাত নিদিলে সোঁ হাতৰ ব্যাপাৰ নচলাত পৰিল যে। গতিকে, কবিতা থাককে বা যাওক, অগত্যা পুহমহীয়া পথাৰৰ ধান দোৱাৰ তত্বাৱধানৰে পৰা বজাৰৰ লোণ তেল আৰু খৰিৰ খবৰা খবৰত ধৰিলোঁ।

 সিদিনা অলপতে আমাৰ পথাৰত ধান-দোৱা চাবলৈ গৈছিলোঁ। দেখিলোঁ, সাতজনী দাউনীয়ে বুকুত মেখেলাৰ মেঠনি মাৰি আৰু ৰিহাখন কঁকালত বান্ধি ধান দাব লাগিছে। সিহঁতৰ ভিতৰতে এজনী দাউনী ১৮/১৯ বছৰীয়া