মলক।— “অল ৰাইট্ বট, ৰাতিপুৱাই গা নোধোৱাকৈ মোক ‘ছোট
হাজিৰি’ দিব লাগিব; নতুবা মোৰ ‘হেল্ঠ' মানে স্বাস্থ্য় নষ্ট হব।”
সাজতোলা।— “ছোট হাজিৰি মানে কি বোপাই? তোৰ কি নষ্ট হব? ৰাতিপুৱাই তুমি তাত কাৰো ওচৰত হাজিৰা দিব নালাগে।”
মলক।— ইচ্, ইচ্, তুমি একো নবুজা, ছোট-হাজিৰি মানে হাজিৰা নহয়, খানা। প্ৰাতঃ ভোজন। ৰাতিপুৱাৰ খানা।
সাজতোলা।— “এতিয়া বুজিলোঁ। কোনো খাব নোপোৱা বস্তু নহয় নহয়? খাব পোৱা বস্তু কিয় খাবলৈ নিদিম? দুপৰ বেলিলৈকে তোক শুকাবলৈ দিম কিয়, মোৰ সোণাই! তোৰ মাৰে চিৰা সান্দহ নানা ৰকমৰ পিঠা পিঠাগুৰি টেকেলিয়ে টেকেলিয়ে তোলৈ সাঁচি থৈছে; তই যত পাৰ খাবি; গা নোধোৱ নালাগে ধুব।”
মলক।— “গুড্নেচে গ্ৰেস্যচ” মোক মাৰিবলৈ বন্ধৱস্ত কৰি থৈছেনে কি? হু দি ডেভিল উইল টেক ইয়ৰ ব্লুমিং চিৰা-পিঠা, এণ্ড পাৰ্টিকিউলাৰ্লি দেট্ ডেলিকেচি ইয়ৰ পিঠা-গুৰি? বোলো সেইবোৰ ‘ডেঠ মানে মৃত্যু! মোক ৰাতিপুৱাই এপিয়লা চাহ, আৰু কণি এটা বা দুটা সিজাই দিবা, বচ্। কণি পোৱা যাব তো?”
সাজতোলা।— “আমাৰ ঘৰৰে দুজনী হাঁহে কণি পাৰিছে, পোৱা নাযাব কিয়?”
মলক।— “হাঁহ কণি! হৰিবোল! অল্ ৰাইট, আই নো উই পিপোল আৰ ষ্টিল ষ্টিপ্দ ইন্ ডাৰ্কনেচ। আচ্ছা চলি যাব। আই উইল মেনেজ এনি হাউ। চোৱাঁছোন দেউতা! মিন্ টু চে বিৰক্ত নহবা। তুমি যেতিয়া মোৰ ওচৰলৈ আহাঁ তেতিয়া বগা কাপোৰ কানি পিন্ধি আহিবা। তোমাৰ গাত মলিৰে কলা কাপোৰ দেখিলে মোৰ বৰ ‘চেম’ হয়, মানে মই বৰ লাজ পাওঁ; আৰু মোৰ ‘চাৰভেণ্ট আই মিন’ লগৱাহঁতেই বা মোক কি ভাবিব। কোট পেণ্টলুন পিন্ধি আহিব পাৰিলে মই বৰ সন্তোষ পাম।”
তোলন।— “বোলে সাত পুৰুষত নহল গাই, কৰীয়া লৈ খীৰাবলৈ যায়। মৰিবৰ কালত মই এতিয়া ঠেঙা পিন্ধি বহুৱাৰ ভাও দিম। বোপা, তহঁতে যিমানে লেখা-পঢ়া শিকিছ, কিন্তু তহঁতৰ বুধি বিলাক কিবা কলিকতীয়া বেকা হৈ গৈছে।”
মলক। – “অল ৰাইট। হোৱাটচ্ দি গুদ অব্, ডিচকচিং উইথ এ-এ-?” বাৰু গুডবাই! তুমি যোৱাঁ, মই কাইলৈ যাম।”
পিছদিনা আমাৰ মলক চাহাব ঘৰলৈ গৈ কি কৰিলে কেনেৰূপে চলিলে সেইবোৰ বহলাই লেখিবলৈ গলে এখন পূৰাণ পুথি হব। মুঠতে ইয়াকে কওঁ
८
?
1