পৃষ্ঠা:সুৰভি.pdf/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৪০ )


যাওঁতে নৌ যাওঁতেই মোৰ পাপৰ পৰাচিত ঘটিল, মই গৰ্ভৱতী হলোঁ। পাপিষ্ঠ জেঠাল যদিও পশুতকৈও অধম, তথাপি হিন্দু সমাজৰ ভিতৰত তেওঁ এজন বৰমূৰীয়া আছিল। দুৰ্ব্বল হিন্দু সমাজে, ধনৰ বলেৰে বলী তেওঁক এৰিবলৈ সাহ গোটাব পৰা নাছিল; বৰং সেই সমাজে তুৰি মূৰি কৰিব নোৱাৰাকৈ তেওঁহে ধনৰ সোপাৰে সমাজৰ মুখত সোপা দি থৈছিল। কিন্তু এইবাৰ তেওঁৰ ভয় হ’ল। তেওঁ ভাবিলে এশ গৰু মাৰিলে বাঘৰো মৃত্যু বুলি কয়; কিজানি ইমানটো ডাঙৰ কলঙ্ক এইবাৰ তেওঁ চম্ভালিব নোৱাৰেই। সেইদেখি তেওঁ মোৰ গৰ্ভ নষ্ট কৰিবলৈকে মনতে সঙ্কল্প কৰি সেই কাৰ্য্যৰ অৰ্থে খুব চেষ্টা কৰিবলৈ ধৰিলে। কিন্তু তেওঁৰ সকলো চেষ্টা বিফল হল। বীৰ পুৰুষে শেহত কি কৰিলে কওঁ শুনা।

 “এদিন ৰাতি মোৰ টোপনিত পাষণ্ডই মোৰ টেটুটো চেপা মাৰি ধৰি মোক বধ কৰিলে। পাপিষ্ঠৰ এটা পৰম বিশ্বাসী পামৰ লগুৱা বা লগৰীয়া আছিল। তাৰে সৈতে লগ লাগি মোৰ ডিঙিত এটা ডাঙৰ শিল জৰীৰে বান্ধি দি সেই ৰাতিয়েই মোক এই পুখুৰীত পেলাই দি পাপিষ্ঠই কলঙ্কৰ হাতৰ পৰা উদ্ধাৰ হল। পাপীৰ হাতত মোৰ প্ৰাণ যোৱাৰ দিনৰে পৰা আজিলৈকে মই এই পুখুৰীতে পৰি আছিলোঁ। বেচ আছিলোঁ, শান্তিত আছিলোঁ; এই স্বাৰ্থপৰ দুখৰ সংসাৰত জোন বেলি তৰা, বিশেষকৈ পুৰুষৰ মুখে মোৰ চকুত নপৰাকৈ আছিল। আহা কি শান্তি! কি আৰাম! তুমি কিহৰ বাবে, কি আখেজত আজি মোক জালোৱাৰ হতুৱাই আজোৰাই লটি-ঘটি কৰি মোৰ শান্তি ভঙ্গ কৰি এইদৰে পাৰত পেলাই দিয়াঁলা? মোৰ সৈতে তোমাৰ শত্ৰুতা কোনো কালে নাছিল। তোমালোক মতা মানুহে তিৰোতা মানুহৰ ওপৰত দৌৰাত্ম্য কৰিবলৈ আৰু নেৰা নে? চিৰকাল আমাৰ ওপৰত তোমালোকে জুলুম কৰিয়েই থাকিবানে?

 “হৰি হৰি! তিৰোতাৰ জীৱন দুখৰ জীৱন। তাক আৰু দুৰ্ভগীয়া কৰিবলৈ মতা সদায় সাজু! বিয়া কাক বোলে তাক জনাৰ আগেয়েই, আৰু স্বামী কাক বোলে তাক চকুৰে দেখাৰ আগেয়েই অৰ্থাৎ প্ৰকৃতপক্ষে স্বামীক পোৱাৰ আগেয়েই মই স্বামী হেৰুৱালোঁ, বিধবা হলোঁ! তোমালোক পুৰুষৰ কেনে যুক্তি! কেনে ন্যায়! তোমালোক আপোনপেটীয়া স্বাৰ্থপৰ জাতি। তিৰোতাৰ আগত বৰ-মতা বোলোৱা তোমালোকৰ স্বভাৱ। সত্য ত্ৰেতা দ্বাপৰ যুগৰ ‘বাতিল’ ব্যৱস্থা শাস্ত্ৰবিলাক তোমালোকৰ আজি-কালিৰ আইন; শ্ৰীৰামপুৰৰ ‘নতুন পঞ্জিকা'ৰ দৰে সি কেতিয়াও কোনো কালে পুৰণি হব নেজানে। আৰু আইন কৰোঁতাসকল অৱশ্যে পুৰুষ মানুহেই। সত্য ত্ৰেতা দ্বাপৰৰ ৰজা গল, ৰাজত্ব গল, বৈদিক পৌৰাণিক কত কি ধৰ্ম্ম গল, আচাৰ গল, ব্যৱহাৰ গল,