একোবেলি মাতি উঠিছে। পেহী আৰু আমাৰ বুঢ়ী বেটীজনীয়ে দীঘলকৈ
ৰাউচি জুৰি কান্দি গছৰ পাত সৰাইছে! তেওঁলোকৰ কি হল মই একোটো
বুজিব নোৱাৰি, তেওঁলোকৰ লগতে কান্দিব ধৰিলোঁ। ভালেমান বেলিৰ
মূৰত কোঢ়াল কমি আহিলত পেহী আৰু বুঢ়ী বেটীজনীয়ে মোক বৰঘৰৰ
ভিতৰলৈ মাতি লৈ গৈ মোৰ হাতৰ পৰা শঙ্খৰ খাৰু লোৰ খাৰু আৰু সোণৰ
বালা সোলোকাই ললে আৰু কপালৰ সেন্দুৰ মছি দি কলে যে মই সেইবোৰ
আৰু পিন্ধিব নেপায়, কাৰণ মোৰ স্বামী মৰিল। মোৰ স্বামী কি পদাৰ্থ
তেতিয়া মই ভালকৈ একো নুবুজিলোঁ, মাত্ৰ লোকে মোক ঠাট্টা আৰু ধেমালিকৈ
কোৱা কথাৰ পৰা এই ফেৰা বুজিব পাৰিছিলো যে, কিছুমান দিনৰ
আগেয়ে মোৰে সৈতে যে লোকৰ লৰা এটাৰ বিয়া হৈছিল, যি বিয়া মোৰ
ধেমালিৰ পুতলাৰ দৰা-কন্যাৰ বিয়াৰ নিচিনা বুলি মই সদায় ভাবিছিলোঁ,
সেই লৰাটোকে ইহঁতে মোৰ স্বামী বোলে। মোৰ সেই কথাটো সমূলি ভাল
নেলাগিছিল, আৰু লোকে সেই লৰাটোক মোৰ স্বামী বুলি মোক জোকালে
মোৰ বৰ খং উঠিছিল। মই ভাবিছিলোঁ, মই পুতলাৰ দৰা-কন্যা পাতি বিয়া
দিয়াদি আয়ে ধেমালিকৈ আমাৰ বিয়া পাতি ৰং কৰিছিল; বিয়াও ভাগিল,
ধেমালিও ভাগিল, গল কথা গুচিল; সদায় সেই একেটা পুৰণি কথাকে লৈ মোক
সকলোৱে জোকাই থাকে কিয় কব নোৱাৰোঁ। শেহত
মোৰ মনত সেই কথা অসহনীয় হৈ উঠিছিল গৈ। সেই নিমিত্তে
তেতিয়া পেহী আৰু বুঢ়ী বেটীৰ মুখে মোৰ
স্বামী মৰি যোৱাৰ কথা শুনি মই পেটে পেটে সন্তোষ পালোঁ; ভাবিলো
আপদ গ’ল; আজিৰ পৰা আৰু কোনেও মোক তাৰ কথা কৈ জোকাই থাকিব
নোৱাৰে; আৰু মোৰ আই-বোপাইৰ লগ আৰু ঘৰ এৰি লোকৰ ঘৰলৈকো
যাবলৈকো কোনেও কব নোৱাৰে। কিন্তু মোৰ হাতৰ পৰা তেওঁলোকে খাৰু
কেইডাল কাঢ়ি নিয়াতহে মই নথৈ বেজাৰ পাইছিলোঁ। মই পেহীক সুধিলোঁ
“পেহী, বাৰু খাৰু কেইডাল নিছ নে, কিন্তু কাইলৈ মোক পিন্ধিবলৈ দিব
লাগিব।” পেহীয়ে চকুৰ পানী টুকি উত্তৰ দিলে,” আৰু খাৰু পিন্ধিবলৈ
নেপাৱ মইনা! তই বাঁৰী হলি! বাঁৰী মানুহে খাৰু পিন্ধিব নেপায়। মই
জানো কেতিয়াবা খাৰু পিন্ধা দেখিছ?” এই কথা শুনি মই ফেঁকুৰি ফেঁকুৰি
খুব কান্দিলোঁ।
“মই আই-বোপাইৰব আলাসৰ লাড়ু আছিলোঁ! বোপাই ধনী মানুহে আৰু তেওঁৰ সন্তান-সন্তনিৰ ভিতৰত ময়েই। তুমি সহজেই অনুমান কৰিব পাৰাঁ মই কেনে আদৰুৱা আছিলোঁ।
“মোৰ শহুৰৰ ঘৰ আমাতকৈও চহকী। জোৱাঁয়েকৰ শোকত মোৰ আই- বোপাই জুৰুলা হল! পাঁচ বছৰৰ ভিতৰতে এজনৰ পিচত এজনকৈ দুয়ো