পৃষ্ঠা:সুৰভি.pdf/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৩৫ )


ৰহন সানি থৈছে। দুপৰ ৰাতি মই অকলশৰীয়া, এনে সময়ত এই গাভৰু তিৰোতাজনী কৰ পৰা কিয় আহি মোৰ ওচৰত থিয় হৈ আছে, আৰু লোকে বা কি বুলিব, কি নিন্দাৰ কথা হব, এই কথা ভাবি ভাবি মোৰ লাজ ভয় দুইটা নসমানে লাগিল। মাতত সুৰ কঠুৱা আৰু তাল খৰ দি মই তাইক সুধিলোঁ,—“তই কোন? ইমান ৰাতি মোৰ কাষলৈ কিয় আহিছ?” তিৰোতাজনীয়ে মিহিকৈ উত্তৰ দিলে, “আমি কে, এখনই বলছি, ব্যস্ত হবেন না মশায়। কিন্তু, তাৰ আগে বলুন দেখি আপুনি কে? কাৰ পৰামৰ্শ শুনে আজ আপনি আমাকে টানাহ্যাচড়া কোবে নাস্তানাবুদ কৰলেন? হেঁগা বাবু, তোমাৰ কাছে আমি এলুম, না তুমি আমাৰ কাছে এলে? আচ্ছা উল্টোচাপ দেখছি!” মই আচৰিত হৈ মাত লগালোঁ, “কি কয় অ, এইজনীয়ে! মই কেতিয়া তোক টনা আজোৰা কৰিলোঁ? আৰু কেতিয়া তোৰ কাষলৈ আহিছিলোঁ? তোৰ মতলবটো কি? ৰাতি গোলমাল মএটা পকাই মোৰ গাঁত বদনাম দি দাঁড়ি ধন উলিয়াই লবলৈ আহিছ হবলা? সি কথা নেচেল। নিৰ্ম্মল বাবুৰ বাগিচাত এনেকুৱা বেয়া শ্ৰেণীৰ মানুহ থকা বুলি জনাহেঁতেন মই কেতিয়াও ইয়ালৈ নাহিলোহেঁতেন। এই বাগিচাত এখন্তকো ভাল মানুহৰ থকা উচিত নহয় দেখিছোঁ। সি যি হওক, তই ভালে ভালে মোৰ কাষৰ পৰা যা; নাইবা মালী আৰু, দাৰোৱানহঁতক মাতি তোৰ চুলিকোছাত ধৰোৱাই এতিয়াই মই তোক চোচেৰোৱাই উলিয়াই দিয়াম!” মোৰ ভাবুকি শুনি মানুহজনীয়ে মিচিকীয়া হাঁহি মাৰি সমিধান দিলে, “বাবুজী স্থিৰ হও, পাগলামী কৰোনা। তোমাৰ কাউকে ডাকতে হবেনা। আমাৰ দু-একটা দুঃখেৰ কথা আছে তা তোমাকে বলে এখনই চলে যাব। আমি তোমাৰ সঙ্গে ঝগড়া কৰতে আসিনি; দু-একটা কথা বলে মনটা একটু হালকা কৰতে এসেছি মাত্ৰ। দৰওয়ান মালীকে আৰ ডাকাডাকি কেন, তাদেৰ চেয়ে ঢেৰ মস্ত লোকেও আমাৰ মাথাৰ ছেড়া চুল এক গাছিতে হাত দিতে পাৰে না! ওগো বাবু, বলি ব্যস্ত হইওনা।তোমাদেৰ একটুতেই ব্যস্ত হোয়ে ওঠা স্বভাব আছে তা আমি জানি, কি তা না হোয়ে নাহয় একটু স্থিৰ হয়ে আমাৰ কথাটাই শুনলে, তাতে আব হানিটা কি?— পুৰুষ! পুৰুষ! হে ভগবান! তুমি কি দিয়ে এই জিনিষটাকে গড়েছ জানিনে, জলেৰ নীচে লুকিয়ে পৰে থেকেও তাদেৰ হাত থেকে নিস্তাৰ নেই!” মানুহজনীব কথা শুনি, আৰু তাইৰ কথা কোৱা গতিটো দেখি মই তধা লাগিলোঁ, আৰু মোৰ বুকুখন অলপ অলপকৈ লৰিবলৈ ধৰিলে। মই মনটো ডাঠকৈ মাত লগালোঁ, “কি তই পানীৰ তলত লুকাই পৰি থকাৰ কথা বলকিছ? পুৰুষে তোক কি কৰিলে, কি দৌৰাত্ম্য কৰিলে? নিশ্চয় এইজনী মতলীয়া তিৰুতা; কৰবাৰ পৰা আহি কিবা কু-মতলবেৰে ৰাতি এই বাগিচাত সোমাইছেহি। দাৰোৱান! দাৰোৱান।”