পৃষ্ঠা:সুৰভি.pdf/৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

উকীল যোগেন্দ্ৰনাথ সেনৰ সহধৰ্মিনী; এই পৰিয়ালটি বেজবৰুৱা পৰিয়ালৰ বৰ বন্ধু, আছিল আৰু, তেওঁলোকৰ অনুৰোধত বেজবৰুৱা পৰিয়াল গৈ মাজে মাজে সম্বলপুৰত আছিল। সৰোজ কুমাৰীয়ে সুৰভিক আগতে দেখা নাছিল, কিন্তু মৃত্যুৰ পিছত সুৰভিৰ ছবি এখন দেখি কৱিতাটো লিখি বেজবৰুৱাক দিছিল।

 বেজবৰুৱাৰ নিজৰ ভাষাত “.........অলপ কালৰ ভিতৰতে তাই নিজৰ ৰূপৰ উপৰিও গুণৰ চিনাকি এনেকৈ দিছিল যে তাইক দেখাসকলে তাইৰ প্ৰতি বিশেষভাৱে আকৃষ্ট হৈছিল। .......তাইৰ কথা-বাৰ্ত্তা অতি মিঠা, আৰু, বয়সীয়া মানুহৰ দৰে সঙ্গত আছিল। ভয় নামৰ বস্তুটোৰে সৈতে তাইৰ চিনাকি একেবাৰে নহৈছিল।......... বিধিৰ নিষ্ঠুৰ বিধানত তেনেজনী ছোৱালীক তাইৰ পাঁচ বছৰ বয়সতে মই হেৰুৱালো। সুৰভিয়ে আমাৰ গোটেই হিয়াখনি জুৰি আছিল। তাই আমাৰ হৃদয় চূৰ্ণ-বিচূৰ্ণ কৰি আমাক এৰি গুচি গল। .........সুৰভি আছিল a poem এটি কৱিতা। .........জীৱনত প্ৰথমতে আমি এই দাৰুণ শোক পালোঁ। মাকৰ আৰু মোৰ হিয়া ভাগি টুকুৰা টুকুৰ হ'ল। ৰাতি শৱটো কোনে নি নিমতলা ঘাটত পুৰিলেগৈ আজিলৈকে মই কব নোৱাৰো, কাৰণ মোৰ তেতিয়া একপ্ৰকাৰ অজ্ঞান অৱস্থা।” ডিপথেৰিয়া ৰোগত মৃত্যু হোৱা সুৰভিৰ ‘পেৰিচ-প্লাষ্টাৰ’ৰ আবক্ষমূৰ্ত্তি এটি বেজবৰুৱাই কৃষ্ণনগৰৰ নিপুণ খনিকৰ যদু পালৰ হতুৱাই নিৰ্মাণ কৰাই হাওৰাত থাকোতে মন্দিৰৰ নিচিনাকৈ সৰু ঘৰ এটি সজাই তাত আল-ফুলে স্থাপন কৰিছিল। এনে এটি অতি পৱিত্ৰ স্মৃতিত এই গল্প-গ্ৰন্থৰ নামকৰণ হৈছিল। অসমীয়া গল্প সাহিত্যত আগৰণুৱা বেজবৰুৱা ডাঙৰীয়াৰ গল্প জগতৰ প্ৰথম মানস সন্তানটিও অসমীয়া সাহিত্যৰ বুৰঞ্জীত চিৰস্মৰণীয় হৈ ৰব, সন্দেহ নাই।

 সেই কামত সামান্য বৰঙণি যোগাব পাৰিছে বুলিয়েই প্ৰকাশকসকল ধন্য।