পৃষ্ঠা:সুৰভি.pdf/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১৯)

গধুৰ। তিলকাই খালে তাৰ পেট ভৰে, পিন্ধিলে তাৰ গা জুৰায়, হাঁহিলে তাৰ হাঁহি ওলায় আৰু কান্দিলে কান্দোন ওলায়। তিলকা বাঁৰী হ'ল, সি ভাবিলে ঈশ্বৰে তাক তাৰ আগেয়ে মাৰি নিনি শত্ৰু শালিলে। তিলকা বাঁৰী হবৰ দিনাৰ পৰা সি খাটনিয়াৰৰ গোঁসাই ঘৰৰ ফালে উভতি নেচায়, আৰু তাত থকা "কলীয়া জনাৰ্দন মূৰ্ত্তিৰ ফালে মূৰ নোদোঁৱায়। পেটে পেটে তাৰ দোৰ্ঘোৰ খং যে সি দিনে ৰাতিয়ে তেওঁক ইমানকৈ খাটি থাকোঁতেও কিয় তেওঁ তাক অনাহকত এনে শাস্তি দিলে।

 সময়- ৰথৰ চকৰি পৰ্ব্বতে ভৈয়ামে পানীয়ে বামে সদায় সমানে চলে, ক্ষন্তেকলৈকো সি কতো লাগি নেথাকে। সময়ে সংসাৰৰ সম্পদ বিপদ সুবিধা অসুবিধা হাঁহি আন্দোন সকলোকে নিজৰ পিঠিত বোকোছা বান্ধি লৈ একোলৈকে ভ্ৰুক্ষেপ নকৰি যাবলৈ ধৰিলে; আৰু জোঁকতলীৰ খাটনিয়াৰৰ পৰিয়াল আৰু লগে লগে বাপিৰাম বুঢ়া লগুৱাও বাধ্য হৈ সেই বোকোছাতে এচুকীয়া হৈ চলিল। তিলকাৰ বয়স এতিয়া ওঠৰ বছৰ। তিলকাৰ ৰূপ আৰু যৌৱন চাৰিওফালে ছাটি পৰিছে। এই সংসাৰৰ শান্তি অশান্তি আশা নিৰাশা আটনি নাটনি স্পৃহা নিস্পৃহা উদ্বেগ নিৰুদ্বেগৰ নতুন বা-মাৰলিয়ে পাখিত তুলি তেওঁক উৰাই লৈ ফুৰিছে। তেওঁৰ মানত এই সংসাৰৰ সকলো আচৰিত। দহো দিশে দহোটা হাতেৰে হাতবাউলি দি তেওঁক দহফালে মাতিছে, কিন্তু কিজানি কিয়, তেওঁ কাৰোফালে যাব নোৱাৰে, কাৰো অনুৰোধ ৰাখিব নোৱাৰে। তেওঁ বুজিব নোৱাৰি বিমোৰ যে, কিজানি কিয়, তেওঁ তেওঁৰ উপচি পৰা হিয়াৰ পৰা এটোপা মৰম, এটোপা প্ৰেম, এধানমানো আকাঙ্ক্ষা ধনিষ্টামানো তৃপ্তি কাকো বিলাবলৈ অপাৰগ। কিন্তু তেওঁৰ হৃদয় আৱেগৰ ধলেৰে উথলি উঠিব খুজিলেই তেওঁৰ কাঁঁণত যেন ৰিণিকি-ৰিণিকি বাজি উঠে 'খবৰ্দাৰ, তোৰ ক্ষমতা নাই, ক্ষমতা নাই! তোৰ যৌৱন-সম্পদ তোৰ নহয়! তোৰ আকাঙ্ক্ষা আবেগ হাবিলাষ উৎসাহ তোতে থাকি তোতে মাৰ যাব, লোকক বিলাবলৈ নহয়। তোৰ প্ৰেম-অগণিৰ উম জাল, এই বিশাল বিশ্ব জগতৰ কাৰো উপকাৰ সাধিবৰ নিমিত্তে নহয়, সি কেৱল তোক তুঁহ জুইৰ দৰে লাহে লাহে পুৰি ছাই কৰিবলৈহে মাথোন।' তিলকাৰ হৃদয়-মণিকূটত তেলভৰা বন্তি জ্বলি উঠি বিমল জেউতি চাৰিওফালে বিলাই দিছে, কিন্ত, মণিকূট দেৱতাশূণ্য!

২।আধ্যা।

 আসাম কোম্পানীj দীঘলিটিং বাগিচাৰ বৰচাহাব মিষ্টৰ স্কটক কোনে বাতৰি দিলে ক'ব নোৱাৰি যে, তেওঁৰ বৰমহৰী ভূধৰৰ এজনী দীপলিপ