পৃষ্ঠা:সুৰভি.pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

বাপিৰাম

১। আধ্যা ।

 তাহানি "বৰতি চাহাবৰ দিনত জেকিতলী মৌজাত সিধাই খাটনিয়াৰ বুলি এজন মানুহ আছিল। সেই কালত সিধাই খাটনিয়াৰক নজনা মানুহ ৰংপুৰ চহৰত নাছিল। দৌল, দূর্গোৎসৱ, হৰিসেৱা আদি ধৰম-কৰমেৰে খাটনিয়াৰৰ ঘৰ উজনিত উজ্জ্বল আছিল। পৰমেশ্বৰে তেওঁক সকলো সুখ সম্পদেৰে সুখীয়া কৰিও এটা বিষয়ত অতি অসুখীয়া কৰিছিল। অপুত্ৰক খাটনিয়াৰৰ অপেস্বৰীৰ নিচিনা একেটী ছোৱালী ফুলতে বাঁৰী! কত আশা কত ভjসা বুকুত বান্ধি লৈ তেওঁ তেওঁৰ চকুৰমণি ছোৱালীটিক ভাল মানুহৰ ঘৰৰ সজ ল'ৰা এটিৰ সৈতে বিয়া দি ঈশ্বৰৰ অনুগ্রহত নিশ্চিন্ত হ'লোঁ বুলি ভাবিছিল; কিন্তু বিধিৰ বিপৰীত বিধান বিয়াৰ পৰা এমাহ যাওঁতে-নৌযাওঁতেই জোঁৱাই ল'ৰাটি মাউৰত পৰি মৰি খাটনিয়াৰক আজলী ছোৱালীটিৰে সৈতে এক প্রকাৰ জীৱন্ততে মাৰি গ'ল! এই মহা শোকৰ অগণিত পুৰি-ডেই খাটনিয়াৰ আৰু ইহ সংসাৰত অধিক দিন টিকিব নোৱাৰিলে। জোঁৱাই যোৱাৰ ছমাহৰ পিছতে তোৱোঁ সেই মহাপ্রয়াণৰ বাটৰ বাটৰুৱা হ'ল।

 তিলকাৰ এতিয়া আৰু এই পৃথিবীত এক দদায়েক আৰু খুৰীয়েকৰ বাহিৰে কোনো নাই। তিলকা বোলোঁতে আমি খাটনিয়াৰৰ বাঁৰী ছোৱালীটিৰ নামকো কাঢ়িছোঁ; আৰু দদায়েক বোলোঁতে খাটনীয়াৰৰ স্বগৰ্ভী ভায়েক ভূধৰৰ কথাতে কৈছোঁ। ভূধৰ সেই কালৰ এধাপোৰা এধাডেৰা ইংৰাজীৰ এধাডোখৰীয়া সোৱাদ পোৱা ডেকা। পৈতৃক স্বাধীন ব্যৱসায়তকৈ চাহ বাগিচাৰ চাহাবৰ তলত চাকৰী কৰাটো তেওঁৰ জীৱনৰ এটা মহা ওখ আশা। সেই কালত উজনিত, ইংৰাজ খেতিয়ক চাহাবসকলে নতুনকৈ চাহ বাগিচাবিলাক মহা ধুমধামেৰে খুলি মুঠিয়ে মুঠিয়ে ধন সিঁচিছিল আৰু