পৃষ্ঠা:সুৰভি.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৯)

তুৰাই তৰণিয়ে ভৰিত জোতাৰে সৈতে ডাঙ্গৰীয়াক "চেলাম" কৰাত, তুৰাইক "কুকুৰৰ পো কটা" বুলি ডাঙ্গৰীয়াই গালি পাৰি এখুন্দা দিব খোজাত হে যি অলপ অচৰপ পলন হৈছিল। সি যি হওক, ধুমুহা বতাহৰ কোবত ডাৱৰ উৰি যোৱাৰ পিছত ৰদ বেঙোবাৰ দৰে সেই দিনাৰ দুৰ্যোগ কাটি গ'ল। হাকিম ডাঙ্গৰীয়া "এজলাচত" বহিল আৰু তেওঁৰ মুখত সুখৰ ৰেঙণি ওলাল। কিন্তু দুৰ্ঘোৰ বাৰিষা কালত ৰেঙোৰা ৰ'দ ক্ষন্তেকীয়া হোৱাৰ দৰে সেই ৰেঙণিও খন্তেক থাকি মাৰ গ'ল। হাকিমে কাপ লৈ কিবা কাকত এখন চহী কৰোঁতে দেখিলে যে, কাপৰ মুখখন কাকতত চেৰ্চেৰাই গৈছে। হাকিমে সেই চেৰ্চেৰণিটো কাকতে কাপৰ ওপৰত কৰা গোচৰ বুলি ধৰি লৈ তৎক্ষণাত কাপৰ "জবানবন্দী" লৈ "চুমাৰি" বিচাৰ কৰি কাপটোক কলীয়াপানীলৈ পঠিয়ালে, আৰু কাপ আচামীৰ সহায়ক বুলি ৰামগোলাম দপ্তৰীক ৫্ টকা জৰিমনা কৰিলে। বাৰ বাজি পোন্ধৰ মিনিট হৈ গ'ল, তেতিয়াও মিনাৰাম পেচকাৰে মকৰ্দ্দমাৰ নথিবোৰ হাকিমৰ আগত দিয়াহি নাই। মিনাৰামৰ কামত বৰ "গাফিলী" বুলি হাকিমে তেওঁক এমাহৰ দৰমহা জৰিমনা কৰিলে।

 ইয়াৰ পিছত এটা ছোৱালী চুৰি মকৰ্দ্দমা হাকিমৰ হাতত পৰিল; আৰু "আচাম ফৰিয়াদীৰ ফোকাৰ হ'ল।" ফাৰ্চাচিং কনিষ্টবলে ভুলকৈ “ফোকাৰিলে" "জয়ৰাম কলিতা আচামী হাজিৰ!” পেচকাৰে লাহেকৈ ফৰ্চাচিঙক ক'লে, “জয়ৰাম কলিতা নহয় জিৎৰাম কলিতাহে।" ফৰ্চাচিঙৰ দুৰ্ভাগ্যৰ গুণে লাহেকৈ কোৱা কথাষাৰো হাকিমৰ কাণলৈ গ'ল। হাকিমে তেতিয়াই ধৰি ফৰ্চাচিঙক “চচপেণ্ড" কৰি থলে। মকৰ্দ্দমাত জিৎৰাম দোষী প্ৰমাণ নাই হোৱা বুলি জিৎৰামৰ পক্ষৰ উকিল বিদ্যাৰাম শ‍ইকীয়াই কৈ দীঘলকৈ বক্তৃতা মেলিব খোজোতেই উকিলক “চুপৰও” বুলি হাকিমে ভেকাহি মাৰি দি জিৎৰামক তিনি মাহলৈ ফাটকত দিবলৈ হুকুম দিলে। বিদ্যা উকিলে আকৌ কিবা ক'ব খোজাত "আদালত অৱমাননা" বুলি হাকিমে উকিলক কুৰি টকা জৰিমনা কৰি সেই গোচৰৰ সেইখিনিতে সামৰণি ঘেটা মাৰিলে।

 কু-গ্ৰহে পোৱা হাকিমৰ কথা আমি এইখিনিতে এৰি দুৰ্ভগীয়া পেচকাৰৰ কথা কওঁ। গধূলি বেলিকা পেচকাৰে এবোকোচা মনৰ দুখ কছাৰীঘৰৰ পৰা ভাৰ বৈ ঘৰলৈ আনি, তেওঁক হাত মুখ ধুবলৈ পানী এলোটা দিয়াত নাম