পৃষ্ঠা:সুৰভি.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৫)

পোন্ধৰ অনা ঈশ্বৰৰ ভাবনা; কাইলৈ চাৰি অনা চেনেহীলৈ চিন্তা আৰু ঈশ্বৰলৈ বাৰ অনা চিন্তা, পৰশুইলৈ চেনেহীলৈ আঠ অনা, ঈশ্বৰলৈ আঠ অনা, তৰশুইলৈ চেনেহীলৈ বাৰ অনা, ঈশ্বৰলৈ চাৰি অনা; এইদৰে জমা খৰচৰ বঢ়া টুটা হৈ হৈ শেহত ঈশ্বৰ চিন্তাৰ ঘৰত শূণ্য, আৰু চেনেহী-চিন্তাৰ ঘৰত ষোল্ল অনা জমা হ'ল গৈ। ঈশ্বৰ-চিন্তা-পুখুৰীৰ পানী কলিয়ে লেহেতীৰে সিঁচি চেনেহী চিন্তা পুখুৰীত ভৰালে। ঈশ্বৰ-চিন্তা-পুখুৰীৰ পানীৰে চেনেহী চিন্তাৰ-পুখুৰী ভৰিল, আৰু সেই পাৰমাৰ্থিক পুখুৰী শুকাই সাংসাৰিক পুখুৰী চপচপীয়া হ'ল। সন্ন্যাসীৰ মনৰ ধৰণী ভাগিল, খুটা উভলিল, ভৰিৰ তলৰ বৰপীৰাৰ খুৰা ভাগিল। বাবাজী ভগৱান দাস, কাকিনি তামোল গছৰ আগৰ পৰা তামোল চোৰে পাৰি তললৈ পেলাই দিয়া পকা তামোলৰ থোকা পৰা দি তলত পৰিল। গুৱালৰ জীয়াৰী গুৱালনী "চেনেহী মোৰ জপৰ মলা অতি যতনৰ ধন। চেনেহী বিনে আৰু কোনো নাই বাবাজী শ্ৰীচৰণ॥” হ'ল। দেখোঁতে দেখোঁতেই মোৰ বহুকলীয়া শুকান সুঁতিত এদিন কৰবাৰ পৰা বৰ ঢল আহি চেনেহীৰ যৌৱন-সৰ্বস্বৰ ভৰাৰে ভৰপূৰ নাও কাচি চিঙ্গি উটাই লৈ গুচি গ'ল। লাহে লাহে মোৰ গতি-গোত্ৰ চলন-ফুৰণ আচাৰ ব্যবহাৰৰ পৰিৱৰ্তন ঘটিল, আৰু সি লোকৰ চকুত পৰিবলৈ সৰহ দিন নেলাগিল। চেনেহীৰে সৈতে মোৰ অবৈধ প্ৰণয়ৰ কথা প্ৰথমতে লোকে বী-বী-বা-বা কৰিবলৈ ধৰিলে, তাৰ পাছত মুখ ফুটাই ক'বলৈ ধৰিলে। গতি বিষম দেখি চেনেহীৰ ককায়েকে চেনেহীক মোৰ ওচৰলৈ আহিবলৈ হাক দিলে, তাইৰ অহা বন্ধ হ'ল। মই অধৈৰ্য্য হৈ পৰিলোঁ। বিচ্ছেদ যন্ত্ৰণাত মই চট্ফট্ কৰিবলৈ ধৰিলোঁ। শেহত মোৰ অসহ্য হৈ উঠিলত এদিন এখোজ দুখোজকৈ চেনেহীৰ ঘৰ ওলালোঁগৈ। তাইক তাই মোৰ কাষলৈ নহাৰ কথা সাধিলোঁ। তাই কলে "ককায়ে হাক দিছে।' মই ক'লোঁ, “ককায়েৰৰ হাক নুশুনিবি।" তাই উত্তৰ দিলে 'নুশুনি নোৱাৰোঁ, গাঁৱৰ মানুহে বেয়া বুলিছে। তেওঁলোকে আমাক এঘৰীয়া কৰিব খুজিছে। আকৌ তোমাৰ গুৰিলৈ গ'লে ককায়ে মোক ছোৱা-ছোৱাকৈ কাটিব বুলি কৈছে।' এই কথা শুনি মই খঙ্গত বলিয়া হলোঁ; মোৰ হিতাহিত জ্ঞান শূণ্য হ'ল। দৈৱ দূৰ্বিপাকত এনে সময়তে চেনেহীৰ ককায়েক পথাৰৰ পৰা তাত ওলালহি। সোধ-পোছ নাই, সিহঁতৰ