সমললৈ যাওক

পৃষ্ঠা:সুধন্বাবধ পৰ্ব্ব.djvu/৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[৬২]


অৰ্ধ চন্দ্ৰ বান মাৰি পাণ্ডুৰ নন্দন।
হেন বাহ সুৰথৰ কৰিল ছেদন॥
বাহু ছেদ ভৈল বীৰ কটাক্ষ নকৰি।
অৰ্জ্জুনক ধাইল বাম হাতে গদাধৰি॥
লোহা ময় গদা গোট ৰতনে বিৰচিত।
ৰথৰ ঘোড়াক কোব দিল বিপৰীত॥
আৰু অদভুত কৰ্ম্ম কৰিল কুমৰ।
গোবিন্দৰ হৃদয়ত কৰিল প্ৰহাৰ॥
ত্ৰৈলোক্যৰ নাথ যিটো মনুষ্যৰ ভাৱ।
তিৰি মিৰি দেখিলেক কম্পিলেক গাৱ॥
সেহি গদা ধৰিয়া সুৰথ বীৰ বৰ।
অৰ্জ্জুনৰ ৰথক কোবাইল দৃঢ়তৰ॥
দুতয় হেজাৰ ৰথ ভুজঙ্গ অযুত।
অযুতেক পদাতি মাৰিল ৰাজসূত॥
ক্ৰোধিয়া অৰ্জ্জুনে মাৰিলন্ত পঞ্চবান।
গদা সমে কাটিলন্ত সিয়ো বাহুথান॥
বাহু ছেদ ভৈল হংসধ্বজৰ কুমাৰ।
অৰ্জ্জুনক মাতিলন্ত কৰি তিৰস্কাৰ॥
দান্তত কামুৰি অৰ্জ্জুনক খেদি যাই।
আগ পাচ নুগুণি ভ্ৰাতৃৰ শোক পাই॥
এক পাট শৰে দুই পাৱক ছেদিল।
দুই পাট শৰে তাৰ হৃদয় তাৰিল॥