পৃষ্ঠা:সীতা হৰণ.djvu/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩
সীতা হৰণ নাটক।

হৰিলি প্ৰাণৰ পতি;
কৰিছ কত দুৰ্গতি;
কিবা দোষে দাসী প্ৰতি
অঘটন ঘটাইলি।

⸻০⸻

 হে বিধতা! এই দুখুনীক নো আৰু কিমান দুখ দিবা? কি কৰিব খুজিছা? প্ৰভো। তোমাৰ মনত নো আৰু কি আছে? যৌৱন কালতে স্বামী সুখৰ বঞ্চিত হৈ আইৰ ঘৰতে আছিলো, তাতো আয়ে কথায় কথায় মিছামিছিকৈয়ে “দন্দুৰী” বোলে। সেই বেজাৰতে আইৰ ঘৰ এৰি বৰ বৌৰ ঘৰলৈ গলোঁ। পিছে বৰ বৌৱে আকৌ সাদৰৰ মাত দিয়ে কি; “কুলক্ষণী” “খাই মুৰী” এই বোৰ হে। এ’ আই ময়নো কাক খালোঁ ঐ। সেই মাত এসাৰ-নো কোনে সদায় শুনিব পাৰে? সেই খঙ্গতে মন্দোদৰীৰ লগ এৰি প্ৰমীলাৰ লগলৈ গলোঁ। তাত আকৌ আৰু একাচি চৰিল হে। এনেকুৱা শুৱনি তিৰোতা হৈয়ো প্ৰমীলাৰ লগত গৰিহণা খাব লগাত পৰিলো-

গৈ। (দাপোণ চাই) উসকটা। মোক নো কি

[ ৩ ]