পৃষ্ঠা:সাৰনিত্যক্ৰিয়া.djvu/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৵৹


সকলৰ এই বিষয়ে বিস্তাৰিত জানিবৰ প্ৰয়োজন তেওঁলোকে ৰজা লক্ষ্মণসেনৰ ধৰ্ম্মাধ্যক্ষ হলায়ুধৰ “ব্ৰাহ্মণসৰ্ব্বস্ব” পুথি চাব।

“আদিত্যে ব্ৰহ্মইত্যেষা নিষ্ঠাপনিষৎসুচ।
ছান্দোগ্যে বৃহদাৰণ্যে তৈত্তিৰীয়ে তথৈবচ॥”—যোগী যজ্ঞবল্ক্যঃ

 সূৰ্য্য়নাৰায়ণক উপাস্য ব্ৰহ্ম বুলি ধাৰণা ছান্দোগ্য, বৃহদাৰণ্যক আৰু তৈত্তিৰীয় উপনিষদত উপদিষ্ট হৈছে।

' সহস্ৰৰশ্মিৰেষোহত্ৰ পৰমাত্মা প্ৰজাপতিঃ।”

 -শাম্বপুৰাণং

 এই যে অসংখ্য কিৰণশালী সূৰ্য্যনাৰায়ণ এওঁ এই দৃশ্যমান জগতত প্ৰজাপতি পৰমাত্মা।

“আদিত্যাচ্চ পৰং নাস্তি ন ভূতং ন ভবিষ্যতি।
স্বয়ং বেদেষু সৰ্ব্বেষু পৰমাত্মেতি গীয়তে॥”

 -ভবিষ্যপুৰাণং

 সূৰ্য্যনাৰায়ণতকৈ শ্ৰেষ্ঠ নাই, হোৱা নাই, নহব। সকলো বেদত এৱেই পৰমাত্মা বুলি গীত হৈছে।

“আদিত্যান্তৰ্গতং যচ্চ জ্যোতিষাং জ্যোতিৰুত্তমং।
হৃদয়ে সৰ্ব্বজন্তুনাং জীবভূতঃ স তিষ্ঠতি॥
হৃদ্যাকাশে চ যো জীবঃ সাধকৈৰূপবৰ্ণ্য়তে ।
স এবাদিত্যৰূপেণ বহিৰ্ণভসি ৰাজত ইতি॥”
“পাষণমণিধাতুনাং তেজোৰূপেন সংস্থিতঃ।
বৃক্ষৌষধিতৃণানাঞ্চ ৰসৰূপেণ তিষ্ঠতি॥”

 —যোগী যাজ্ঞবল্ক্যঃ

 সূৰ্য্য়মণ্ডলৰ অন্তৰ্গত যি জ্যোতিৰ মাজত শ্ৰেষ্ঠ জ্যোতি তেৱেঁই প্ৰাণীসকলৰ অন্তৰত জীবৰূপে অবস্থিতি কৰে। যিজন