পৃষ্ঠা:সাৰনিত্যক্ৰিয়া.djvu/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ভূমিকা।


 এই জগতৰ মাজত কত শত শাস্ত্ৰ বেদ বাইবেল কোৰাণ আৰু সাম্প্ৰদায়িক মত আছে তাৰ সীমা নাই। ইয়াৰ মাজত কোন মত সঁচা আৰু কোন মত মিহা আৰু কোন শাস্ত্ৰ সঁচা আৰু কোন শাস্ত্ৰ মিছা তাক স্থিৰ কৰা সামান্য গৃহস্থৰ পক্ষে কঠিন। কাৰণ মানুহ অল্পায়ু আৰু গৃহস্থ ধৰ্ম্মৰ নানাৰূপ চিন্তাত সদায় ব্যস্ত, আৰু বেদ বেদান্তাদি শাস্ত্ৰ সাগৰৰ নিচিনা অসীম। অতএব এই পুথিত সাধাৰণ গৃহস্থৰ উপকাৰৰ নিমিত্তে সকলো শাস্ত্ৰ আৰু বেদৰ সাৰ ভাব প্ৰকাশ কৰা হল।

 বেদ শাস্ত্ৰৰ উদ্দেশ্য বিচাৰ কৰি যুক্তি সহকাৰে সাৰ ভাব গ্ৰহণ কৰি আৰু তদনুৰূপ কাৰ্য্য় কৰি পৰমানন্দ আনন্দৰূপে থকা। যাৰ বস্তু বোধ আছে তাৰ জ্ঞান আছে, যাৰ জ্ঞান আছে তাৰ শান্তি আছে। যাৰ বস্তু বোধ নাই তাৰ জ্ঞান নাই, যাৰ জ্ঞান নাই তাৰ শান্তি নাই।

 মাতা-পিতাৰ কৰ্ত্তব্য এই যে সন্তানক বিদ্যাভ্যাসৰ লগতে সদ্ধৰ্ম্মৰ উপদেশ দিব তেনেহলে সন্তানে উত্তমৰূপে ব্যবহাৰিক আৰু পৰিমাৰ্থিক কৰ্ম্মসমূহ সমধা কৰিব পাৰিব। পৃথিবীত মাতা-পিতা সন্তানৰ পক্ষে জগৎগুৰু পূৰ্ণপৰব্ৰহ্ম জ্যোতিঃস্বৰূপৰ স্থলাভিষিক্ত। যি সন্তানে প্ৰতি আৰু ভক্তি কৰি পাৰ্থিব মাতা-পিতাৰ আজ্ঞা পালন কৰে সি অৱশ্যে জগৎগুৰু পূৰ্ণ পৰব্ৰহ্ম জ্যোতিঃস্বৰূপ মাতা-পিতাৰ আজ্ঞা, প্ৰীতি আৰু ভক্তি কৰি পালন কৰিব পাৰিব। আৰু সেই