পৃষ্ঠা:সাহিত্য পাঠ (1).pdf/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পাতনি আজি ভালেমান দিনৰপৰা আমাৰ লৰাছোৱালীবিলাকৰ কাৰণে পাঠ্যপুথিৰ অভাৱৰ কথা শুনি আহিছোঁ। এই ক্ষুদ্র পুথিখনি অসমীয়া আৰু ইংৰাজী স্কুলৰ চতুৰ্থ মানৰ কাৰণে লিখি উলিওৱা হ'ল। পুথি বছা সভাই চতুৰ্থ মানৰ কাৰণে ৰাছি দিয়৷ কবিতাবোৰো ইয়াত দিয়া হৈছে। পাঠ্যৰ বিষয়বোৰ লৰাৰ উপযোগী কৰি বাছি লোৱা হৈছে। আগৰ দিনৰ পুৰণি কাহিনী দুই এটি এই পুথিত দিয়া হৈছে। কিয়নো আমাৰ লৰাছোৱালীবিলাকে আগৰ দিনৰ পুৰণি কথাবোৰৰ বিষয়ে একেবাৰে অনভিজ্ঞ থকা উচিত নহয়, যি পাৰে অলপ অচৰ্প জনা উচিত ৷ প্রত্যেক পাঠটি পঢ়িয়েই লৰাই যাতে একোটি উপদেশ পায় সেই অনুসাৰে বিষয়বোৰ বাছি লোৱা হৈছে। লৰাক সৰুকালৰেপৰা এনে পুথি পঢ়িবলৈ বাছি দিয়া উচিত – যিবোৰ পুথিয়ে সিহঁতক নিজৰ স্বভাৱ চৰিত্ৰ গঠন কৰাত সহায় কৰে। লৰাৰ কোমল প্ৰাণত সৰুকালৰেপৰা ধৰ্ম্মভাৱ অলপ অলপকৈ লৰাই বুজিব পৰাকৈ জগাই তোলা উচিত। তেহে বয়সৰ লগে লগে সেই ভাৱৰো বৃদ্ধি পাব। গতিকে এই পুথিখনিত লৰাই বুজিব পৰাকৈ দুই এটি ধৰ্ম্ম সম্বন্ধীয় বিষয়ো দিয়া হৈছে। এই পুথিখনিত লৰাছোৱালীবিলাকে যাতে সকলো লাগতিয়াল বিষয়ে এটি আভাস পায়, তাৰ কাৰণে বিশেষ যত হৈছে RAHKAS VIDYAPITA এই পুথিখনি পঢ়াশালিৰ পাত লৰাছোৱালীবিলাকৰ বিশেষ উপকার// PAND গুৱাহাটী, বুলি আমি আশা কৰিছোঁ 1963 0.0 ইতি-