পৃষ্ঠা:সাহিত্য পাঠ (1).pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

লৰাকাল কত দিন হই গল পাহৰিলোঁ আৰু, নপৰে মনত সেই লৰালিৰ কথা- এই দৰে মাৰ যায় কালৰ লগত জীৱনৰ একো অংশ জীৱনতে গঁথা। আছিল এদিন এই সংসাৰ অমিয়া নাচিছিলোঁ নিৰ্মল লভি কত সুখ, যি পিনেই চাইছিলোঁ দেখিছিলোঁ মাথোঁ সুন্দৰ জগত খনি নাই ক'তো দুখ। “নৰাকাল জীৱনৰ মূৰত বসতি” বুলি কয় জ্ঞানী জনে সেই কাৰণেই হব পায় ভাল দেখি আহিলে। উধাই শেহল'কে এই দৰে পাবৰ মনেই কিন্তু হায়, ক'ত আৰু সেই ধৰাখানি, কেনি গল কিনো হল, চিনো তাৰ নাই। নতুন এখনি সৃষ্টি নৱ-বিধাতাৰ আছে আজি কালি মোৰ আগতে ওলাই অৱশ্যে মনেই মোৰ দুয়োখনি ধৰা, মনৰে স্ৰজন এই সমস্ত জগত, সেই মন এই মন বহুত প্ৰভেদ, বহুত প্ৰভেদ হল মনেই মনত।