পৃষ্ঠা:সাহিত্য আৰু প্ৰেম.pdf/৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পাতনি

 বিজ্ঞানৰ পণ্ডিতসকলে কয়, জুহালৰ এঙ্গাৰ আৰু বহুমূলীয়া হীৰা হেনো ৰসায়নৰ বিশ্লেষণত একেই পদাৰ্থ। কেৱল তাপ আৰু হেঁচাৰ তাৰতম্য অনুসাৰে দুইৰো বাস্তৱ প্ৰকৃতি আৰু গুণৰ ভেদভাব ওপজে। প্ৰেমৰ পোৰণি শক্তিৰ প্ৰভাৱতো একে তেজ-মঙহৰ শৰীৰৰ মানুহৰ মনত বেলেগ বেলেগ প্ৰতিক্ৰিয়া ঘটে। কেতবোৰৰ পক্ষে মনৰ ছট্‌ফটনি আৰু কেতবোৰ দুৰ্লভ প্ৰকৃতিৰ মানুহৰ পক্ষে ই উদ্বোধনী প্ৰজ্ঞান-বন্তি। ই তেজ-মঙহৰ খন্তেকীয়া ফৰফৰণি নাইকিয়া কৰি অপাৰ্থিৱ সৌন্দৰ্য আৰু আনন্দৰ প্ৰতি উদ্যম সঞ্চাৰ কৰে।

 এই আখ্যানবোৰত কেতবোৰ বিশ্ববিখ্যাত মনীষীৰ প্ৰেমৰ স্পৰ্শত প্ৰাণৰ প্ৰতিক্ৰিয়া দেখুওৱা হৈছে। বেদৰ ঋষিপুত্ৰৰ প্ৰেমৰ প্ৰেৰণাত ঋষিত্বলাভৰ প্ৰচেষ্টাৰ পৰা আমীয়েলৰ পৰিদৃশ্যমান বিশ্বৰ লগত একাত্মবোধৰ আকাংক্ষা, সেই একে মিলন-স্পৃহাৰেই বিভিন্ন বিকাশ।

 এই আখ্যানসমূহ ‘আৱাহন’, ‘জয়ন্তী’ আদি কাকতত লিখা হৈছিল। স্নেহাস্পদ ডক্টৰ বিৰিঞ্চিকুমাৰ বৰুৱাই সেইবোৰ বুটলি আনি কিতাপ আকাৰত প্ৰকাশ কৰাৰ দিহা কৰিলে। আমাৰ ডেকা সাহিত্য-ৰচকসকলৰ কল্পনাৰ পৰিসৰ বহলোৱাত এই আখ্যানসমূহে সহায় কৰিব বুলি আশা কৰিলো।

গুৱাহাটী
২৮ মে’ ১৯৪৮

শ্ৰীবাণীকান্ত কাকতি