পৃষ্ঠা:সাহিত্য-বিচাৰ.djvu/৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


সাহিত্য বিচাৰ।

প্ৰথম অধ্যায়।

সাহিত্যৰ সাধাৰণ লক্ষণ।

 মানুহে নিজ বুদ্ধিৰে আজিলৈকে যি যি কাম কৰিছে, তাৰ ভিতৰত সাহিতকে ঘাই বুলিব পাৰি। সাহিত্যৰ গুণ সংসাৰ জিনি আছে। ইয়াৰ নিচিনা মনমোহনীয়া বস্তু জগতত আৰু বিচাৰি পাবলৈ বৰ টান। সাহিত্যৰ গুণত বিষাদত বুৰযোৱা মানুহৰো মনোবিকাৰ উপশম হয়, ৰুগীয়াৰ ৰোগ সকাহ পৰে, কাঠ-বুকুৱা মানুহৰ মনত দয়াৰস জন্মে, খং, খিয়াল ইত্যাদি যি মানুহৰ ৰিপুবিলাক আছে, সিহঁতো লাহে লাহে কমি যায়, কিন্তু এই সাহিত্য-সুখ সকলোৱে ভোগ কৰিবলৈ নাপায়। আগেয়ে কিছু জ্ঞান আৰ্জি নললে সাহিত্যৰ ৰস পোৱা বৰ টান। সেই দেখিহে মুৰ্খ আৰু অসভ্য জাতিবোৰে সাহিত্যৰ মোল নাপায়; আনকি, সাহিত্য বুলিবলৈ বস্তু এটাই সিহঁতৰ নাই। জ্ঞান সাহিত্য সুখৰ মূল। জ্ঞানৰ ৰশ্মিয়ে মন পোহৰ নকৰিল সাহিত্যৰ অসীম ৰূপৰ অলপো দেখিবলৈ নাপায়। এই জ্ঞান কেৱল লিখা পঢ়া শিকিলেই হয়, এনে বুলি ভবা অনুচিত। অনেক মানুহ