পৃষ্ঠা:সাহিত্য-বিচাৰ.djvu/৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 সাহিত্য বিচাৰ দ্বিতীয় বাৰ প্ৰকাশ কৰা হল। প্ৰথম বাৰ ছপোৱাত ইয়াৰ এভাগ বাদ পৰিছিল, এই বাৰ তাক যথা স্থানত সন্নিবিষ্ট কৰা গৈছে। আশা কৰোঁ পুথিৰ কথাবিলাক এতিয়া বুজিবলৈ উজু হব। সাহিত্য বিচাৰত যিবোৰ কথা আলোচনা কৰা হৈছে, আমাৰ বিবেচনাত সেইবোৰ কথা ছাত্ৰ বৃত্তিলৈ পঢ়া লৰাই জনা উচিত। কিন্তু তেনে কথা থোপতে কোনো গ্ৰন্থত পোৱা নাযায়। নানা বিধৰ ইংৰাজী, বঙ্গলা, আৰু সংস্কৃত কিতাপ পঢ়িলেহে সেইসকল শিকিবলৈ পাৰি। এই দেখি আমাৰ ছাত্ৰ বৃত্তি পৰীক্ষাত ব্যৱহাৰ কৰাৰ নিমিত্তে সাহিত্য বিচাৰ লিখা হৈছিল, আৰু সেই কাৰণে তাৰ ভাষাও অতিশয় উজু কৰা হৈছে। কিন্তু ইমান দিনে ই সেই ঠাই পোৱা নাই। কেৱল কোনো কোনো স্কুলৰ নামৰ শ্ৰেণীবোৰত ইয়াক সাহিত্য স্বৰূপে ব্যৱহাৰ কৰা দেখা যায়। সাহিত্য বিচাৰ কিন্তু সাহিত্য নহয়, ই ব্যাকৰণৰ অন্তৰ্গত। এতেকে ইয়াক স্কুলত চলাব লাগিলে ব্যাকৰণৰ শাখা ৰূপে চলোৱা যুগুত। এইবাৰ উপযুক্ত ঠাইত চলোৱা হব বুলি আশা কৰা গৈছে। দ্বিতীয় তাঙ্গৰণত পুথিৰ আকাৰ বৃদ্ধি হোৱাত তাৰ মুল্যও কিঞ্চিত বৃদ্ধি কৰা হল।

গুৱাহাটী।
১৪ জেঠ, ১৩০৮।
শ্ৰীসত্যনাথ বৰা