পৃষ্ঠা:সাধু-কথাৰ কুকি.pdf/১৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৬১
মিলাৰামৰ আত্মজীৱনী

মাৰি পঠিয়াওঁতে, দুর্ভাগ্যক্রমে গোটেই চৰিয়া পানী পিৰালিত এন্ধাৰে- মুধাৰে জুপুকা মাৰি বহি থকা আমাৰ উপৰি পুৰুষৰ গাতে পৰিল । ত'ত ততালিকে “ভাৰী অসভ্য তিৰােতা?” বুলি গালি পাৰি খং কৰি ফো- ফো কৰে তাৰ পৰা উঠি গুচি আহিল। কবলৈ শোক লাগে, পুহ মহীয়া ৰাতিৰ সেই চুৱা-চৰিয়াৰ চেঁচা পানীত স্নান কৰি পানী লগা জৰ হৈ আমাৰ উপৰি পুৰুষ-দয়াশীল চুৱাৰাম শইকীয়া তিনি দিনৰ মূৰত বৈকুণ্ঠলৈ প্ৰয়াণ কৰিলে।
 কপাহীৰ বিষয়ে (যাক চকু-চৰহা সকলে অন্যায়কৈ জাম্বৱতী বুলি মাতিছিল) অসম বুৰঞ্জীত বেছি কথা পোৱা নাযায়। কেৱলমাত্র এই ফেৰা আছে যে, তেওঁ ৫ বছৰৰ ভিতৰত ৭ জন স্বামীৰ চাউল খাই শেহত বদনচন্দ্ৰ বৰফুকনক কাটোতা ৰূপসিং চুবাদাৰত বিয়া সোমাল ।
 এই দৰেই আমাৰ বংশত ডাঙৰ মানুহ লানি নিছিগা মুকুতাৰ মালা যেন হৈ চলি আহিছে। এটাইবিলাকৰ জীৱনৰ ঘটনাবােৰ লেখিবলৈ গলে এখন মহাভাৰত হয়, আৰু ময়ো দ্বিতীয় ব্যাস হওঁ। সেই দেখি জপিয়াই চমুকৈ দুজন এজনৰ নাম উল্লেখ কৰি একে হেচোকে ককাদেউ- তাৰ ওচৰ পামহি।
 নগাৱলৈ আহোঁতে গৌৰীনাথ সিংহ স্বৰ্গদেৱক মাৰিবলৈ পিছে পিছে মানুহ লৈ খেদি যােৱা ৰজা-খেদা নগয়া সিন্ধুৰা হাজৰিকাও আমাৰ আজু আইৰ ফালৰ কুটুম আছিল। বিখ্যাত পানীমুৱাও, যাৰ খবৰক আজিলৈকে “পানীমুৱাৰ খবৰ” বোলে, আমাৰ বংশৰে এটি ভোটাতৰা । ভূত কুকুৰাচোৱা বৰাৰ পুতেক সতৰাম চাৰিঙীয়া-ফুকনৰ লীলাখেলাৰ ঘাই লগৰীয়া আৰু সোঁহাত জনও আমাৰ বঙহৰে আছিল । আৰু সেই জনেই আমাৰ এই প্রাচীন বংশৰ মৰ্য্যাদা ৰাখি শেহত সতৰাম ফুকনৰ বিপক্ষে সাক্ষী দিছিল।