এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪৮
সাধু-কথাৰ কুকি
খোজা স্বামী। দুইৰো মাজত হাঁহিৰ ধূম পৰি গল। ৰূপহীৰ সিপাৰৰ পৰা
প্ৰতিধ্বনিয়েও সমান ভাৱে সেই হাঁহিত যোগ দিলে। জৰী গছৰ ওপৰত
ফেঁচা-ফেঁচী আছিল, সিহঁতেও এই আনন্দত মনে মনে থাকিব নোৱাৰি
কুৰুলিয়াই দিলে।
বাকী খাগৰি যি আছিল এটাইকেডাল তাই গোটাই আনি একে-
বাৰেই ছাকনৈয়াত পেলাই দি তিনিটা চাপৰি বজালে।
দৰা-“কি কৰিলা?”
ছোৱালী-(হাঁহি হাঁহি) “এই ছাকনৈয়াতে এজনী ছোৱালী এতিয়াই
বুৰি মৰিল! মই মইনা চৰাই; মোক সজাত সুমাই থোৱাঁগৈ, লৈ বলা!”