পৃষ্ঠা:সাত্বত তন্ত্ৰ.djvu/৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭২
সাত্বত তন্ত্ৰ।


কেৱলে কৃষ্ণক মাত্ৰ ভজিব সৰ্ব্বথা।
ভক্তে কৰ্ম্ম কৰিবাৰ শুনিয়ো ব্যৱস্থা॥
গৃহাশ্ৰমী ভকতৰ শুনা যেন নয়।
কাম্য কৰ্ম্ম বিধিক যে তেজিব নিশ্চয়॥ ২৯৮॥
নিত্য নৈমিত্তিক আৱশ্যক বুলি যাক।
বুদ্ধিত বিষ্ণুক স্মৰি কৰিবেক তাক॥
যদি বোলা নিত্য কৰ্ম্মাদিত বিধিগণ।
অন্য দেৱ পূজা কিছু কৰে নিৰূপণ॥ ২৯৯॥
শুনিয়ো উত্তৰ কৃষ্ণ পূজা কৰি পাছে।
হৃদয়ে কৃষ্ণক ধৰি পূজিবাক আছে॥
আন বেলা দেৱৰ যে পৃথকে পূজন।
কদাচিতো মনে নকৰিব সুমৰণ॥ ৩০০॥
কিন্তু ভাৰ্য্যা পুত্ৰ মিত্ৰ আনো বন্ধুগণ।
তেজি কৃষ্ণপদে যিটো পশয় শৰণ॥
কৃষ্ণৰ কথাত মাত্ৰ সৰ্ব্বদাই ৰতি।
তাৰ কিছু কৰ্ম্ম নাহি কহিলোঁ সম্প্ৰতি॥ ৩০১॥
অন্য দেৱ পূজা কিন্তু নিষেধ সবাৰ।
শুনিয়োক কহোঁ আবে যেন ফল তাৰ॥
বলি দিয়া সকামে যে আন দেৱ পূজে।
ভক্তি ভ্ৰষ্ট হুয়া দুনাই সংসাৰত মজে॥ ৩০২॥
যিটো মহা কামচিত্ত নিদয় অশিষ্ট।
পশু সব মাৰি চাৱে আপোনাৰ ইষ্ট॥