পৃষ্ঠা:সাত্বত তন্ত্ৰ.djvu/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩
সাত্বত তন্ত্ৰ।


এহি প্ৰেমময় ভক্তি ভকতে লভিয়া।
সংসাৰ তেজিয়া থাকে আনন্দে মজিয়া॥ ১৩৭॥
পাৱে ভক্তে কৃষ্ণ-ৰূপ-শীল-গুণ-ক্ৰিয়া।
ভক্তি-সুখবিনে ভক্তে কতো নেদে হিয়া॥
যদি সিটো কৰে আন ভক্তিৰ সাধন।
নাহি তাত দোষ যাতো হৰিৰ সেৱন॥ ১৩৮॥
কিন্তু যি ভক্তিত নিষ্ঠা তাকেসে পাৱয়।
ফলতে সে ভেদ সাধনত ভেদ নয়॥
পৃথকে কহিলোঁ ভক্তি যোগৰ সাধন।
নিষ্কাম যে ফলৰূপ দুয়ো সুশোভন॥ ১৩৯॥
সকাম সগুণ ভক্তি হোৱয় বিস্তৰ।
আউৰ কিবা কহিবো পুছিও মুনিবৰ॥
নাৰদ বদতি দেৱ-দেৱ মহেশ্বৰ।
ভক্তিৰ যতেক বিধি কৈলা নিৰন্তৰ॥ ১৪০॥
কিমত নিষেধ কয়ো কিমত স্তম্ভন।
হানিৰ বৃদ্ধিৰ আৰ কহিয়ো কাৰণ॥
সৰ্ব্ব সাধনতে মুখ্য কোন বা সাধন।
শুনিবাক শ্ৰদ্ধা মোৰ কৰিয়ো বৰ্ণন॥ ১৪১॥
পশুপতি বদতি শুনিয়ো মুনিবৰ।
সকলে প্ৰশ্নৰ মই দিবোঁহোঁ উত্তৰ॥
কহিছোঁ যতেক সবে ভক্তিৰ সাধনে।
তাত বিনে সমস্তে নিষেধ মানা মনে॥ ১৪২॥