পৃষ্ঠা:সাত্বত তন্ত্ৰ.djvu/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩১
সাত্বত তন্ত্ৰ।


প্ৰেমময় ভক্তি ইটো সাধুৰ সম্মত।
সৰ্ব্বদা উত্তম আৰু কি কৈবো মহত্ত্ব॥ ১২৬॥
ই সব ভক্তি শুনা সাধন সম্প্ৰতি।
যাৰ আশ্ৰয়ত হোৱে কৃষ্ণত ভকতি॥
অনুৰূপে স্বধৰ্ম্মে অৰ্পিব ঈশ্বৰত।
হিংসাশূন্য পূজা কৰিবেক প্ৰতিমাত॥ ১২৭॥
শ্ৰৱণ দৰ্শন স্পৰ্শ স্তুতি নমস্কাৰ।
বিষয়ত বিৰকতি গুৰুসেৱা সাৰ॥
নিবৃত্তি শাস্ত্ৰত শ্ৰদ্ধা প্ৰীতি উত্তমত।
সমানত মিত্ৰ ভাব দয়া দুখিতত॥ ১২৮॥
হৰিৰ মূৰ্ত্তিৰ ধ্যান শ্ৰৱণ কীৰ্ত্তন।
সমস্তে ভূততে হৰি দৃষ্টি অনুক্ষণ॥
নিগুৰ্ণা ভকতি হোৱে এহিসে সাধনে।
যাক পায়া মোক্ষকো নমানে ভক্তজনে॥ ১২৯॥
শুন৷ আৰু ভাগৱতী ভক্তিৰ সাধন।
যাক যত্ন কৰিবাক লাগে অনুক্ষণ॥
গুৰু উপদেশ লৈয়া ভকত সহিতে।
সৰ্ব্বেন্দ্ৰিয় হৰিপদ সেবিবে সততে॥ ১৩০॥
বচনে লৈবেক নাম কৰ্ণৰ শ্ৰৱণ।
হস্তে গোবিন্দ গৃহ প্ৰতিমা সেৱন॥
জিহবায়ে লৈবেক হৰি নৈবেদ্য দ্ৰব্যক।
নাসায়ে লৈবেক হৰি নিৰ্ম্মাল্য গন্ধক॥ ১৩১॥