পৃষ্ঠা:সাত্বত তন্ত্ৰ.djvu/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮
সাত্বত তন্ত্ৰ।


দৈৱকী পুত্ৰেসে সেব্য সমস্তে জনৰ।
জগত তাৰিতে ভৈলা নৰ কলেবৰ॥
এতেকেসে তাঙ্ক ভক্তি ভেদ নাচৰয় [১]
মোক্ষৰ ঈশ্বৰ জানি নিষ্কাম ভজয়॥ ১১৪॥
কহিলোঁ তোমাত ইটো কথা মুনিবৰ।
আৰ কিবা কহিবোহোঁ পুছিও সত্বৰ॥
একমনে শুনিয়োক সভাসদ নৰ।
তৃতীয় পটল সাঙ্গ সাত্বত তন্ত্ৰৰ॥ ১১৫॥

  1. পাঠান্তৰ—ভাৱে নৰচয়।