পৃষ্ঠা:সাত্বত তন্ত্ৰ.djvu/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সাত্বত তন্ত্ৰ।


তাহান তলত আছা কূৰ্ম্মৰূপ হৰি।
বহল পিঠিত আছা ব্ৰহ্মাণ্ডক ধৰি॥
পিতৃপতি অৰ্য্যমাদি যাক উপাসন্ত।
পদ্ম তন্তু সম যাত অনন্ত শোভম্ভ॥ ৩২॥
কৃপাময় অৱতাৰ শুনা মুনিবৰ।
পাঞ্চ বৰিষতে ধ্ৰুবে তেজি নিজঘৰ॥
তযু উপদেশে মধুবনে আৰাধিতে।
সাক্ষাতে কৃপায়ে দেখা দিলা ভগৱন্তে॥ ৩৩॥
আপনাৰ নিজলোক দিলা ৰঙ্গমনে।
প্ৰদক্ষিণে তুতি যাক কৰে মুনিগণে॥
কৰ্দ্দমৰ তপস্যাত শুক্লৰূপ ধৰি।
তাঙ্ক বৰ দিলা কণ্যা মনুৰ কুমাৰী॥ ৩৪॥
আনন্দ লোতকে এক তীৰ্থ বিৰচিলা।
যজ্ঞ অৱতাৰ কহেঁ৷ শুনা তান লীলা॥
ৰুচিৰ সন্তান আহুতিত উপজিলা।
দৈত্য-অৰণ্যক যেন মতে নিডলিলা॥ ৩৫॥
ত্ৰৈলোক্য পালিতে ইন্দ্ৰ আপুনি ভৈলন্ত।
সুযজ্ঞ নামক ধৰি কীৰ্ত্তি থাপিলন্ত॥
কপিলস্বৰূপে দেবহূতিত জন্মিলা।
নিজ ভক্তিযোগ দেবহূতিত কহিলা॥ ৩৬॥
সাংখ্যযোগ কহিলন্ত দ্বিজ আসুৰিত।
যাক জানি পাপীসবে হোৱে শুদ্ধচিত্ত॥