পৃষ্ঠা:সাত্বত তন্ত্ৰ.djvu/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সাত্বত তন্ত্ৰ।


সংক্ষেপে কহিলোঁ অংশময় অৱতাৰ।
লীলা অৱতাৰ আবে কৰিবো বিস্তাৰ॥ ২৫॥

যিটো পৰমাত্মা কৃষ্ণ পুৰুষ সংজ্ঞায়।
জগত পালিতে ভৈলা নমো তান পায়॥
নাৰদত কহিলন্ত দয়ালু শঙ্কৰে।
প্ৰথম পটল সাঙ্গ সাত্বত তন্ত্ৰৰে॥ ২৬॥