সমললৈ যাওক

পৃষ্ঠা:সাউদৰ পুতেকে নাও মেলি যায়.djvu/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দুদিনমানৰ ভিতৰতে তাৰ বায়েক আৰু সৰু ভনীয়েক দুজনীও বিছনাৰ পৰা উঠিব পৰা হ'ল। তেতিয়াও বিছনাত পৰি থাকিল কেৱল তাৰ ঠিক পিছৰ ভনীজনী—মাখনী। তাৰ খেলৰ লগৰী, তাৰ আটাই- তকৈ মৰমৰ ভনীয়েক। বাপুকণে নৰিয়া-পাটি এৰি প্ৰথম পিৰালিলৈ ওলোৱাৰ তিনিদিনৰ ভিতৰতে পদুলিলৈকো ওলাব পৰা হ'ল আৰু সমনীয়া বন্ধুবোৰৰ পৰা তেতিয়াহে গম পালে যে যোৱা এসপ্তাহমানৰ ভিতৰতে গাঁওখনৰ দহটা ল'ৰা-ছোৱালী তেজহাগনিত মৰিল। সি নিজে বিছনাত পৰি থাকোতে পৰে পৰে কিয় শোকাকুল কান্দোনৰ ৰাও শুনিছিল সেই কথা বাপুকণে এতিয়াহে বুজি পালে। যি দহটা ল'ৰা- ছোৱালী মৰিল সিহঁত আটাইকেইটা তাতকৈ বয়সত কেবছৰে সৰু; সিহঁত কোনোটোৱেই তাৰ খেলাৰ লগৰীয়া নহয়। গতিকে সিহঁতৰ মৃত্যুৰ বেদনা সি ভালকৈ অনুভৱ কৰিব নোৱাৰিলে। কেৱল তাৰ মনলৈ ভাব আহিল যে সি নিজে ভাল হৈ উঠিলৰি ফুৰিছে যদিও মাখনী এতিয়াও বেমাৰত আধামৰা হৈ বিছনাত পৰি আছে। মাখনী যদি আৰু কেতিয়াও ভাল নহয়? গাঁৱৰ যি দহটা ল'ৰা-ছোৱালী মৰি গ'ল সিহঁতৰ নিচিনাকৈ মাখনীও যদি মৰি যায় পদুলি মুখৰ তৰুৱা কদমজোপাৰ তলত বাপুকণ ঠিয় হৈ আছিল। বতাহে ফুলৰ আৰু ঘৰমুৱা গৰুবোৰৰ গাৰ গোন্ধ একেলগে তাৰ নাকলৈ কঢ়িয়াই আনিছিল। দুয়োটা গোন্ধেই তাৰ খুব ভাল লাগিছিল। হোলাটোৰ সিপাৰৰ ডাঠ বাঁহনি দৰাৰ ঠিক মূৰৰ ওপৰতে অকলশৰীয়া ভোটাতৰাটো অচিন সুদূৰৰ নিমন্ত্ৰণৰ দৰে জ্বলজ্বলকৈ জলি আছিল। তৰাটোৰ ফালে চাই চাই বাপুকণৰ মনটো হঠাৎ এক আনন্দময় বিষাদৰ অনুভূতিৰে ভৰি পৰিল। ঠিক তেনে সময়তে নামঘৰত গধূলিৰ ভৰা বাজি উঠিছিল। বাপুকণৰ ভাব হৈছিল —পৃথিৱীখন খুব সুন্দৰ আৰু কৰুণ; এই পৃথিৱী এৰি কলৈকো যাবলৈ মন নাযায়; অথচ পৃথিৱীৰ বহু নিলগৰ পৰা কোনোবাই অদৃশ্য হাতবাউলি দি মাতি থাকে কাৰণেই পৃথিৱীৰ আকৰ্ষণ ইমান তীব্ৰ আৰু মোহময়। ঠিক সেইবোৰ কথা অবি একাৰ ৪৬